ETV Bharat / bharat

ভাৰতে বাংলাদেশক হস্তান্তৰ কৰিব 10 টা ব্ৰডগজ ডিজেলযুক্ত ইঞ্জিন

author img

By

Published : Jul 27, 2020, 12:08 PM IST

বাংলাদেশক হস্তান্তৰ কৰিবলগীয়া 3300 এছপিডব্লিউএম 3 ডি যুক্ত ইঞ্জিনসমূহ 28 বছৰৰো অধিক কালৰ ৱাৰেণ্টি সমৃদ্ধ ৷ তদুপৰি ঘণ্টাত প্ৰায় 120 কিল’মিটাৰ বেগেৰে যাত্ৰা কৰিব পৰাকৈ ইয়াক প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ বিবৃতিত প্ৰকাশ কৰা অনুসৰি, উক্ত দবাসমূহ মালবাহী হোৱাৰ উপযুক্ত হোৱাৰ লগতে যাত্ৰীৰ বাবেও সুবিধাজনক হ’ব ৷

India To Handover 10 Broad Gauge Diesel Locos To Bangladesh On Monday Etv bharat news
ভাৰতে বাংলাদেশক অৰ্পণ কৰিব 10 টা ব্ৰডগজ ডিজেলযুক্ত ইঞ্জিন

নতুন দিল্লী,27 জুলাই: ৰে’ল বিভাগে প্ৰকাশ কৰা অনুসৰি, ভাৰতে সোমবাৰে বাংলাদেশক 10 টাকৈ ব্ৰডগজ ডিজেলযুক্ত ইঞ্জিন হস্তান্তৰ কৰিব ৷ বিভাগৰ পৰা জাৰি কৰা বিবৃতিত দুয়োখন দেশৰে শীৰ্ষ নেতাবৰ্গই এই সন্দৰ্ভত সেউজ সংকেত জাৰি কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই অনুষ্ঠান ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে অনুষ্ঠিত হ’ব ৷ শীৰ্ষ নেতা বুলিলে বিশেষকৈ বিদেশ মন্ত্ৰী, ৰে’ল মন্ত্ৰী আৰু দুয়োখন দেশৰ উচ্চায়ুক্ত, ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ আৰু দুয়ো দেশৰ সীমান্তৱৰ্তী আৰু স্থানীয় ৰে’ল ষ্টেচন সমূহৰ অন্যান্য বিষয়াসকল উপস্থিত থাকিব ৷ লগতে পশ্চিমবংগৰ নাদিয়া জিলাৰ পূৱ ৰে’লৱেৰ গেডে ষ্টেচন আৰু বাংলাদেশৰ ফালৰ পৰা দৰ্শন ষ্টেচন অন্তৰ্ভূক্ত হ’ব ৷

বিগত বৰ্ষৰ এপ্ৰিল মাহত বাংলাদেশে এই সন্দৰ্ভত ভাৰত চৰকাৰলৈ এক প্ৰস্তাৱ আগবঢ়াইছিল ৷ য’ত বৰ্তমানে প্ৰথমৰ পৰাই 72 শতাংশ ৱাৰেণ্টি পিৰিয়ড পাৰ কৰিছিল ৷ বাংলাদেশক অৰ্পণ কৰিবলগীয়া 3300 এছ পি ডব্লিউ এম 3 ডি যুক্ত ইঞ্জিনসমূহ 28 বছৰৰো অধিক কালৰ ৱাৰেণ্টি সমৃদ্ধ ৷ তদুপৰি ঘণ্টাত প্ৰায় 120 কিল’মিটাৰ বেগেৰে যাত্ৰা কৰিব পৰাকৈ ইয়াক প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ বিবৃতিত প্ৰকাশ কৰা অনুসৰি, উক্ত দবাসমূহ মালবাহী হিচাপে ব্যৱহাৰ কৰিবলৈ উপযুক্ত হোৱাৰ লগতে যাত্ৰীৰ বাবেও সুবিধাজনক হ’ব ৷ আমি সকলো প্ৰকাৰৰ ৰোলিংগ ষ্টকৰ অভাৱ আৰু অসুবিধা দূৰ কৰিবলৈ বাংলাদেশ ৰে’লৱেৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ ইচ্ছুক বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে ৷ এই কাৰ্যই ৰে’লৰ চলাচলত এক সুকীয়া মাত্ৰা প্ৰদান কৰাৰ লগতে দুয়ো দেশৰ পৰিবহণ বিভাগৰ মাজত বুজাবুজি বৃদ্ধি কৰিব ৷

ইফালে বাংলাদেশৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, বাংলাদেশ ৰে’লৱেক হস্তান্তৰ কৰিবলগীয়া ইঞ্জিনসমূহৰ ভিতৰত 139 টায়ে বিগত বৰ্ষৰ মে’ মাহলৈকে 178 মিটাৰগজৰ লগতে প্ৰায় 20 বছৰৰ ৱাৰেণ্টি পিৰিয়ড সম্পূৰ্ণ কৰিছিল ৷ তদুপৰি 90 টা বিজি ইঞ্জিনৰ 55 টাই সম্পূৰ্ণকৈ ৱাৰেণ্টি পিৰিয়ড সমাপ্ত কৰে ৷

লগতে চাওকঃ উত্তৰ প্ৰদেশত একেটা পৰিয়ালৰ তিনিগৰাকীক গুলীয়াই হত্যা, এজন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.