ETV Bharat / bharat

২৮ ডিচেম্বৰলৈ পুনৰ বাতিল বাণিজ্য়িক আন্তৰ্জাতিক বিমানৰ চলাচল

author img

By

Published : Jan 29, 2021, 7:04 PM IST

বাণিজ্য়িক আন্তৰ্জাতিক বিমানৰ চলাচলৰ ক্ষেত্ৰত সময়সীমা পুনৰ ২৮ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে । ইয়াৰ দ্বাৰা আন্তৰ্জাতিক সকলো কাৰ্গো অভিযান আৰু বিশেষভাৱে অনুমোদিত বিমানৰ সঞ্চালনত প্ৰভাৱ নপৰে ।

২৮ ডিচেম্বৰলৈ পুনৰ বাতিল বাণিজ্য়িক আন্তৰ্জাতিক বিমানৰ চলাচল
২৮ ডিচেম্বৰলৈ পুনৰ বাতিল বাণিজ্য়িক আন্তৰ্জাতিক বিমানৰ চলাচল

নিউজ ডেস্ক , ২৯ জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে বাণিজ্য়িক আন্তৰ্জাতিক বিমানৰ চলাচলৰ ক্ষেত্ৰত সময়সীমা পুনৰ ২৮ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিলে । অসামৰিক বিমান পৰিচালনা সঞ্চালকালয়ে জনোৱা মতে কিছুমান বিশেষ ঘটনাৰ ক্ষেত্ৰত উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্বাচিত পথত আন্তৰ্জাতিক বিমানৰ অনুমতি দিয়া হ'ব পাৰে ।

উল্লেখ যে কৰণা মহামাৰীৰ বাবে যোৱা বছৰৰ ২৩ মাৰ্চৰ পৰা ভাৰতত আন্তৰ্জাতিক যাত্ৰীৰ বিমান সেৱা বন্ধ হৈ আছে । কিন্তু মে মাহৰ পৰা 'বন্দে ভাৰত মিছন'ৰ অধীনত আৰু জুলাইৰ পৰা নিৰ্বাচিত দেশসমূহৰ সৈতে দ্বিপাক্ষিক 'এয়াৰ বাবল' ব্য়ৱস্থাৰ অধীনত বিশেষ আন্তৰ্জাতিক বিমানৰ চলাচল অব্য়াহত আছে ।

অৱশ্য়ে অসামৰিক বিমান পৰিচালনা সঞ্চালকালয়ে জনোৱা মতে বিমান বাতিলৰ সময়সীমা বৃদ্ধিৰ বাবে আন্তৰ্জাতিক সকলো কাৰ্গো অভিযান আৰু বিশেষভাৱে অনুমোদিত বিমানৰ সঞ্চালনত প্ৰভাৱ নপৰে ।

ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন ,আৰৱ, কেনিয়া, ভূটান আৰু ফ্ৰান্সকে ধৰি প্ৰায় ২৪ খন দেশৰ সৈতে 'এয়াৰ বাবল' চুক্তি গঠন কৰিছে । উল্লেখ যে এই চুক্তিৰ জৰিয়তে দেশসমূহৰ মাজত তেওঁলোকৰ বিমান সংস্থাৰ দ্বাৰা বিশেষ আন্তৰ্জাতিক বিমান পৰিচালনা কৰিব পাৰি ।

লগতে পঢ়ক : অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মীলনলৈ ৫০ লাখৰ অনুদান মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.