ETV Bharat / bharat

ভাৰতীয় ডাকবিভাগৰ সহযোগত বিহাৰত আৰম্ভ হোম ডেলিভাৰী

author img

By

Published : May 25, 2020, 12:27 PM IST

কৰ'ণা মহামাৰীৰ ত্ৰাসৰ বাবে বিহাৰৰ লিচু আৰু আমৰ কৃষকসকলে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি, বিহাৰ চৰকাৰৰ অংশীদাৰিত্বত ভাৰতীয় ডাক সেৱাই লোকৰ ঘৰে ঘৰে গৈ লিচু আৰু আমৰ হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিছে ।

India Post to home-deliver fruits in some Bihar cities

নেশ্যনেল ডেস্ক, ২৫ মে': বিহাৰ চৰকাৰৰ অংশীদাৰিত্বত ভাৰতীয় ডাক সেৱাই পাটনা, মুজাফৰপুৰ আৰু ভাগলপুৰত লোকৰ ঘৰে ঘৰে গৈ লিচু আৰু আমৰ হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিছে । দেওবাৰে এই বিষয়ে সদৰী কৰে বিভাগীয় কৰ্তৃপক্ষই । ভাৰতীয় ডাক সেৱাৰ মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ফল কিনাৰ লগতে ইয়াৰ লগত ডেলিভাৰী চাৰ্জ সন্নিবিষ্ট কৰা হৈছে ।

কৰ'ণা মহামাৰীৰ ত্ৰাসৰ বাবে ৰাজ্যখনৰ লিচু আৰু আমৰ কৃষকসকলৰ দুৰ্ভোগৰ প্ৰতি লক্ষ্য ৰাখি এই অংশীদাৰিত্ব গঢ় লৈ উঠে । বিহাৰ উদ্যোগ বিভাগৰ ৱেবছাইটত গৈ লোকসকলে এই ফলসমূহ অৰ্ডাৰ কৰিব পাৰিব । এক বিবৃতি অনুসৰি, এই পৰ্যন্ত ৱেবছাইটটোত ৪,৪০০ কে.জি লিচুৰ অৰ্ডাৰ অৰ্ডাৰ পোৱা গৈছে । এই অৰ্ডাৰৰ পৰিমাণ ১ লাখলৈয়ো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ বিপৰীতে আমৰ অৰ্ডাৰ মে'ৰ শেষ সপ্তাহৰ পৰা লোৱা আৰম্ভ কৰিব চৰকাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.