ETV Bharat / bharat

ভাৰত-পাকিস্তানে কাশ্মীৰ সমস্যাৰ স্থায়ী সমাধান উলিওৱা উচিত : ইংলেণ্ড

author img

By

Published : Jan 14, 2021, 1:12 PM IST

কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান বিচাৰি উলিয়াবলৈ আহ্বান ইংলেণ্ড চৰকাৰৰ । দুয়োখন দেশৰ মাজত ইংলেণ্ডে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰাতো উচিত নহয় বুলি মন্তব্য কৰে নিগেল আডামছে ।

ভাৰত-পাকিস্তানে কাশ্মীৰ সমস্যাৰ স্থায়ী সমাধান উলিওৱা উচিতঃ ইংলেণ্ড

নেশ্যনেল ডেস্ক, ১৪ জানুৱাৰী : কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত উদ্ভৱ হোৱা সমস্যাৰ স্থায়ী ৰাজনৈতিক সমাধান বিচাৰি উলিয়াবলৈ দুয়োখন দেশকে আহ্বান জনালে ইংলেণ্ড চৰকাৰে । কাশ্মীৰৰ ৰাজনৈতিক পৰিস্থিতি বিষয়ত অনুষ্ঠিত আলোচনাত যুক্তি প্ৰদৰ্শন কৰি এফ চি ডি অ' মন্ত্ৰী নিগেল আডামছে কয় যে, ভাৰত আৰু পাকিস্তানৰ মাজৰ সমস্যাত ইংলেণ্ডে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰাতো সমীচিন নহয় । আনকি, নিয়ন্ত্ৰণ ৰেখাৰ দুয়োফালে মানৱ অধিকাৰ সংক্ৰান্তীয় উদ্বেগ বৃদ্ধি পাইছে । কাশ্মীৰক লৈ চৰকাৰৰ নীতি অপৰিৱৰ্তিত হৈ আছে ।

ছিমলা চুক্তিত উল্লেখ কৰা ধৰণে কাশ্মীৰৰ ৰাইজৰ ইচ্ছাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ভাৰত আৰু পাকিস্তানে স্থায়ী ৰাজনৈতিক সমাধান বিচাৰি উলিওৱা প্ৰয়োজন হৈছে বুলি মন্তব্য কৰে আডমছে । লগতে তেওঁ কয় যে, এই ক্ষেত্ৰত ইংলেণ্ড চৰকাৰে সমাধান সূত্ৰ উলিওৱা আৰু দুয়োখন দেশৰ সমস্যাৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰাতো উচিত নহয় । ৩৭০নং অনুচ্ছেদ আঁতৰাই জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়াক লৈ সৃষ্টি হোৱা অশান্ত পৰিস্থিতি বিষয় উত্থাপন কৰে বিৰোধী দলৰ সাংসদে ।

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত কাশ্মীৰত অনুষ্ঠিত হোৱা জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে সুৰক্ষামূলক জিম্মাত ৰখা মন্ত্ৰীসকলক মুকলি কৰি দিয়া আৰু ব্ৰডবেণ্ডৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰ কৰা কাৰ্যক মন্ত্ৰী নিগেল আডামছে আদৰণি জনায় । ছাৰাহ অ'ৱেনছৰ নেতৃত্বত আয়োজন কৰা আলোচনাত আন ব্ৰিটিছ সাংসদসকলেও অংশগ্ৰহণ কৰে । মন্ত্ৰী আডামছে কয় যে, কাশ্মীৰৰ জনতাই সফলতা অৰ্জন কৰাৰ বাবে সুবিধা লাভ কৰা উচিত ।

এই ক্ষেত্ৰত ভাৰত চৰকাৰে কাশ্মীৰৰ অৰ্থনৈতিক, সামাজিক উন্নয়নৰ বাবে লোৱা সংকল্পক আদৰণি জনায় আডামছে । এই সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰিকল্পনাসমূহ পৰৱৰ্তী সময়ত জানিবলৈ বিচাৰিব বুলিও মন্তব্য কৰে । লগতে পাকিস্তানক ভাৰত বিৰোধী কাৰ্যকলাপ বন্ধ কৰিবলৈও পৰামৰ্শ দিয়ে । লণ্ডনস্থিত ভাৰতীয় উচ্চায়ুক্তই বিগত বৰ্ষত মহামাৰীৰ ভয়াৱহতা, সন্ত্ৰাসবাদৰ সমস্যা থকা স্বত্বেও কাশ্মীৰত জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা উনুকিয়াই দিয়ে । লগতে কেন্দ্ৰীয় শাসিত অঞ্চলটোত হাই স্পীড ইণ্টাৰনেট লাভ, স্মাৰ্ট ৱাই ফাই প্ৰজেক্ট আৰম্ভ হোৱাৰ কথাও উল্লেখ কৰে । ভাৰতীয় উচ্চায়ুক্তৰ মতে, ২০১৯ চনৰ আগষ্ট মাহৰ পৰা জম্মু-কাশ্মীৰৰ পৰিস্থিতি সুস্থিৰ হোৱাই নহয়, কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ সকলো স্থানতে উন্নয়নমূলক কাম আৰম্ভ হৈছে ।

লগতে পঢ়ক:কেন্দ্ৰই নোৱাৰিলে দিল্লী চৰকাৰে দিব বিনামূলীয়া ক’ভিড ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.