ETV Bharat / bharat

চীনৰ পৰা বৈদ্যুতিক সামগ্ৰী আমদানি বন্ধ কৰিব ভাৰতে

"আমাৰ ভূমি অন্য ৰাষ্ট্ৰই দখল কৰাতো আমি কেতিয়াও সহ্য কৰিব নোৱাৰো। সেয়েহে আমি চীন আৰু পাকিস্তানৰ পৰা কোনো সামগ্ৰী ক্ৰয় নকৰো।" - শক্তি মন্ত্ৰী আৰ.কে. সিং

power equipment
India not to import power equipment from China: RK Singh
author img

By

Published : Jul 3, 2020, 5:24 PM IST

নিউজ ডেস্ক, ৩ জুলাইঃ চীনা সৈন্যৰ আক্ৰমণত ২০ গৰাকীকৈ ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ ঘটনাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে চীনৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কেতবোৰ ব্যৱস্থা। শেহতীয়াকৈ দেশত ৫৯ টা চীনা এপ্লিকেশ্বন নিষিদ্ধ ঘোষণা কৰাৰ পাছত এইবাৰ বৈদ্যুতিক সমঞ্জামৰ আমদানী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। শুকুৰবাৰে এই কথা উল্লেখ কৰে শক্তি মন্ত্ৰী আৰ.কে. সিঙে।

শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি চীনৰ লগতে পাকিস্তানৰ পৰা বৈদ্যুতিক সামগ্ৰীৰ আমদানী কৰাৰ অনুমতি প্ৰদান কৰা নহ'ব বুলি উল্লেখ কৰিছে। তদুপৰি ৰাজ্য ডিচকমসকলে ( state discom) চীনা কোম্পানীসমূহক সামগ্ৰী আমদানীৰ নিৰ্দেশ দিয়া উচিত নহয় বুলিও শক্তি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

India not to import power equipment from China: RK Singh
চীনৰ পৰা বৈদ্যুতিক সামগ্ৰী আমদানী বন্ধ কৰিব ভাৰতে

"আমি দেশীয়ভাৱে সকলো সামগ্ৰী উৎপাদন কৰিব পাৰো। ভাৰতে ৭১,০০০ কোটি টকাৰ বৈদ্যুতিক সামগ্ৰী আমদানি কৰে। ইয়াৰ ভিতৰত কেৱল চীনৰ পৰা ২১০০০ কোটি টকাৰ এই সামগ্ৰী আমদানি কৰা হয়" বুলি শুকুৰবাৰে পুৱা শক্তি মন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত এই কথা উল্লেখ কৰে আৰ.কে. সিঙে।

"আমাৰ ভূমি অন্য ৰাষ্ট্ৰই দখল কৰাতো আমি কেতিয়াও সহ্য কৰিব নোৱাৰো। সেয়েহে আমি চীন তথা পাকিস্তানৰ পৰা কোনো সামগ্ৰী ক্ৰয় নকৰো" বুলি শক্তিমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। তদুপৰি, শক্তি মন্ত্ৰী আৰ.কে. সিঙে "পূৰ্বে উল্লেখিত ৰাষ্ট্ৰসমূহৰ পৰা আমদানী কৰাৰ বাবে আমি কেতিয়াও অনুমতি প্ৰদান নকৰো। কাৰণ এই দেশসমূহৰ পৰা আমি যথেষ্ঠ ক্ষতিগ্ৰস্থ হৈছো" বুলি উল্লেখ কৰে।

লগতে পঢ়ক : ৩০ আগষ্টৰ ভিতৰত উপলব্ধ হ’ব কৰ’ণাৰ প্ৰতিষেধক: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.