ETV Bharat / bharat

ভাৰত-নেপালৰ সম্পৰ্ক আৰু চীন

author img

By

Published : Jul 9, 2020, 8:10 PM IST

ভাৰত-নেপাল সম্পৰ্কত চীনে কিদৰে স্থান দখল কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন হ'ব পাৰে ৷ ভাৰত-নেপালৰ সম্পৰ্কত চীনৰ আগ্ৰাসন স্পষ্টৰূপে প্ৰতিফলিত হৈছে ৷ চীনৰ বিস্তাৰবাদী নীতি আৰু নেপালক এক সংৰক্ষিত ৰাজ্য কৰিব বিচাৰিছে চীনে ৷ সমগ্ৰ দিশ সামৰি এই প্ৰতিবেদন ৷

India- Nepal Relations and China
ভাৰত-নেপালৰ সম্পৰ্ক আৰু চীন

নিউজ ডেস্ক, 9 জুলাই : 8 জুলাইত হ'বলগীয়া কমিউনিষ্ট পাৰ্টী অৱ নেপালৰ ষ্টেণ্ডিং কমিটীৰ বৈঠক এক সুনিশ্চিত সমাধান বিচৰাৰ বাবে অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে আৰু ইয়ে নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক কিছুদিনৰ বাবে সাময়িক সকাহ দিছে ৷ চীনৰ দ্বাৰা প্ৰোৎসাহিত ভাৰত-নেপালৰ মাজৰ বৃদ্ধি পোৱা চিন্তাৰ মাজতে নেপালৰ প্ৰধানমন্ত্ৰীগৰাকী কাৰ্যপন্থা নেপালৰ জনসাধাৰণ আৰু ৰাজনৈতিক নেতাসকলে এক স্থুল অৱস্থা হিচাপে চীনৰ দ্বাৰা ইয়াৰ অন্তৱৰ্তী বিষয়ত হস্তক্ষেপ বুলি ধাৰণা কৰিছে ৷

ভাৰত চৰকাৰৰ বিফলতাকো বিৰোধীয়ে দেশৰ বৈদেশিক নীতিৰ এক বিফলতা বুলি ভাৰত-নেপালৰ শতিকাযোৰা ৰোটি-বেটী সম্পৰ্কৰ এক অৱনতি বুলি উল্লেখ কৰিছে ৷ এইসমূহ অভিযোগ দৰাচলতে ভিত্তিহীন ৷ একেটা পৰিয়ালৰ দুগৰাকী সদস্যৰ দৰেই দুখন প্ৰতিৱেশী দেশৰ সম্পৰ্কও চিৰস্থায়ী নহয় ৷ দুয়োখন দেশৰ মাজৰ স্থিতি কেতিয়াবা চলি অহা পৰিস্থিতিৰ বাবেও উদ্ভৱ হয় ৷ এইক্ষেত্ৰত ভাৰত-নেপালো কোনো ব্যতিক্ৰম নহয় ৷ নেপালৰ ৰাজতন্ত্ৰৰ সময়ত, নেপালী ৰজাই তেওঁলোকক শাসনৰ পৰা ওফৰাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে ভাৰতক দোষাৰোপ কৰিছিল ৷ এই স্থিতি 1975 চনত অধিক তীব্ৰ হয়, যেতিয়া ছিক্কিমৰ ভাগ্য নিয়ন্ত্ৰণত ভয় খাই নেপালে এক শান্তি প্ৰতিষ্ঠাৰ বাবে দেশখনৰ ভূমিত কোনো সামৰিক প্ৰতিযোগিতাত উপনীত নোহোৱাৰ প্ৰস্তাৱ উত্থাপন কৰে ৷ নেপালক পতিয়ন নিয়াবলৈ পাকিস্তান আৰু চীনে এই সুযোগৰ বাবে অপেক্ষা কৰি আছিল আৰু ইয়াক সমৰ্থন জনাইছিল আৰু ভাৰতে, শান্তি আৰু বন্ধুত্বপূৰ্ণ চুক্তিৰ আধাৰত ইয়াক স্বাক্ষৰ কৰাৰ পৰা আঁতৰত অৱস্থান লৈছিল ৷ নেপালে 1988 চনত এই চুক্তি নৱীকৰণ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু ইয়াৰ বাবেই নেপালৰ প্ৰতি অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছিল আৰু 1991 চনত দুখন অন্য চুক্তিৰ দ্বাৰা ইয়াক অন্ত পেলোৱা হৈছিল ৷ 2015 চনৰ নেপালৰ সংবিধান সংশোধনৰ সময়তো একেই পৰিস্থিতিৰ উদ্ভৱ হৈছিল যেতিয়া ইয়াক নেপালৰ মাধেছি (নেপালৰ সমতলত বাস কৰা ভাৰতীয় মুলৰ বাসিন্দা) জনগোষ্ঠীয়ে ইয়াৰ বিৰোধিতা কৰিছিল ৷ অৱশ্যে বৰ্তমানৰ সমস্যাৰ আঁৰত আছে- ভাৰত-নেপালৰ মাজৰ সীমা বিবাদ যাৰ মুল ব্ৰিটিছ-নেপালৰ মাজত 1916 চনত স্বাক্ষৰিত চুগাউলি চুক্তি, যাৰ দ্বাৰা নেপালৰ পশ্চিম সীমান্ত কালী নদীৰ উৎপত্তিস্থল বুলি কোৱা হৈছিল আৰু ইয়াতেই সমস্যাৰ উদ্ভৱ হৈছিল ৷ ভাৰতে কালী নদী লিপুলেখ পাছৰ ওচৰৰ পৰা উৎপত্তি হোৱাৰ বিপৰীতে নেপালে ইয়াক লিম্পিয়াধুৰাৰ পশ্চিমত বুলি দাবী কৰি আহিচে, যি এতিয়াও উত্তৰাখণ্ডৰ এক অংশ ৷

দ্বিতীয়বাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হোৱা অলিয়ে দেশখনৰ অবাধ দুৰ্নীতি আৰু চীনৰ ৰাষ্ট্ৰদূত মিছ হাউ য়ানকিৰ সৈতে তেওঁৰ অবৈধ সম্পৰ্কক লৈ দেশব্যাপী উদ্ভৱ হোৱা সমালোচনাৰ পৰা নেপালী জনতাক আঁতৰাই আনিবলৈ ক্ষীপ্ৰতাৰে নেপালৰ এখন সংশোধিত নক্সা প্ৰস্তুত কৰি ইয়াক গৃহীত কৰে ৷ পাৰ্টীৰ সহকাৰী-অধ্যক্ষ প্ৰচণ্ডৰ পদবীটো তেওঁৰ অনিচ্ছাস্বত্তেও খালী কৰিবলৈ বিচৰা কাৰ্যৰ ফলত অলিয়ে নিজ দলৰ ভিতৰতে সমৰ্থন হেৰুৱায় ৷ কোনো আধাৰ নথকাকৈ অলিয়ে তেওঁৰ পাৰ্টীত হস্তক্ষেপ কৰা বুলি ভাৰতৰ বিৰুদ্ধে উত্থাপন কৰা দাবীয়ে তেওঁৰ প্ৰতি দলীয় নেতাসকলৰ অধিক খং জগাই তোলে আৰু তেওঁক একপ্ৰকাৰ দলৰ পৰা একাশৰীয়া কৰি তোলে ৷ আৰু এইখিনিতে প্ৰৱেশ কৰে চীনা ৰাষ্ট্ৰদূত মিছ হাউ য়ানকিৰ অলিৰ পদবীটো দয়াহীনভাৱে ৰক্ষা কৰিবলৈ কৰা প্ৰচেষ্টা ৷ এইক্ষেত্ৰত চীনা ৰাষ্ট্ৰদূত আৰু নেপালৰ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা অগণন আলোচনাই দেশখনৰ সকলো নীতি নিয়মক জলাঞ্জলি দিয়াৰ লগতে তেওঁলোকৰ আলোচনাৰ আঁৰত থকা চিন্তা ব্যক্ত কৰি তোলে ৷

ভাৰত-নেপাল সম্পৰ্কত চীনে কিদৰে স্থান দখল কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন হ'ব পাৰে ৷ ইয়াৰ কাৰণ হৈছে, প্ৰথমতে, চীনে তেওঁলোকৰ বৰ্ডাৰ ৰোডছ ইনিশ্বিয়েটিভৰ দ্বাৰা নেপালক লোভনীয় প্ৰস্তাৱৰ দ্বাৰা ভাৰতীয় বিনিয়োগৰ ওপৰত ভিত্তি কৰি দেশখনৰ ওপৰত অধিক ধাৰৰ বোজা জাপি দিব বিচাৰিছে ৷ দ্বিতীয়তে, ভাৰতক পৰাজিত কৰিবলৈ চীনে নেপালৰ ওপৰত তেওঁলোকৰ সংৰক্ষিত ৰাজ্যৰ প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছে ৷ তৃতীয়তে, ছাৰ্কৰ অধীনত থকা সকলো দেশলৈ স্পষ্টভাৱে এক বাৰ্তা প্ৰেৰণ কৰি, ভাৰত নহয়, কেৱল চীনে দক্ষিণ এছিয়াৰ এইটো অঞ্চলৰ উন্নয়ন সাধিব পাৰে বুলি জনাব বিচাৰিছে ৷ শেষত চীনে নেপালৰ সৈতে সম্পৰ্ক স্থাপনেৰে ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰি বিশ্ববাসীৰ ধ্যান বাণিজ্য আৰু মানৱ অধিকাৰৰ পৰা হোৱা সমালোচনাৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰিছে ৷

চীনৰ কাম কৰাৰ ধৰণ অনুসৰি, নেপালক অত্যধিক ধাৰৰ বোজা জাপি দি চীনৰ অধীনস্থ কৰি ল'ব বিচাৰিছে ৷ শেহতীয়াকৈ চীনে, নেপালৰ পোখৰা বিমানবন্দৰ, এখন বিশ্ববিদ্যালয়, ভাৰত-নেপাল সীমান্তৰ এটা পথকে ধৰি অন্যান্য পথ নিৰ্মাণ, নদীবান্ধ, তিব্বত আৰু কাঠমাণ্ডু সংযোগী ৰে'ললাইন যাৰ আনুমানিক ব্যয় প্ৰায় 600 কোটি, নেপালত এনেকুৱা প্ৰকল্পৰ কাম কৰি আছে ৷ চীনৰ পৰা নেপালে লোৱা ধাৰ প্ৰায় 2 বিলিয়ন আমেৰিকান ডলাৰ আৰু ৰে'লৱে প্ৰকল্পটো ধৰি এই ধাৰ প্ৰায় 8 বিলিয়ন ডলাৰলৈ বৃদ্ধি পাব যিটো 2020ত দেশখনৰ মুঠ জনমুৰি আয়ৰ প্ৰায় 29 শতাংশ বুলি ধাৰণা কৰা হৈছে ৷ যিহেতু চীনৰ এইসমূহ ধাৰ নেপালে প্ৰদান কৰিব নোৱাৰিব ইয়াৰ দ্বাৰা চীনৰ জালত ভৰি দিব নেপালে ৷ কিন্তু, বৰ্তমানে চীনৰ কৌশলক ওফৰাই দিয়া হৈছে ৷ অলিৰ বিৰুদ্ধে তেওঁৰ দলতে তীব্ৰ বিৰোধ, নেপালৰ বহুস্থানত চীনৰ দখল, ৰে'লৱে প্ৰকল্পত অৰ্থনৈতিক অ-সাধ্যতা আৰু ভাৰতৰ মূল্যৰ বিনিয়মত চীনৰ সৈতে ৰোমান্স, এই সকলোবোৰ তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰ কৰি তুলিছে ৷ দেৰিকৈ হ'লেও নেপালে ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত স্থাপন কৰা আৰক্ষী চকীসমূহ আঁতৰাই ভাৰতৰ প্ৰতি কিছু নৰম স্থিতি গ্ৰহণ কৰিছে ৷

অৱশ্যে এই সম্পৰ্কৰ স্পষ্ট ধাৰাটো কমিউনিষ্ট পাৰ্টী অৱ নেপালৰ ষ্টেণ্ডিং কমিটীৰ পৰৱৰ্তী সভাৰ পিচতেই স্পষ্ট হৈ পৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.