ETV Bharat / bharat

বিশ্বৰ শীৰ্ষ পাঁচখন অস্ত্ৰ ৰপ্তানিকাৰী দেশৰ ভিতৰত স্থান লোৱাৰ দৌৰত ভাৰত - India makes hit-list of 14 countries in Asia, Middle East as targets for military export

2025ৰ ভিতৰত বিশ্বৰ শীৰ্ষ পাঁচ অস্ত্ৰ ৰপ্তানিকাৰী দেশৰ লক্ষ্যৰে ভাৰতে এই লক্ষ্যৰ নিৰ্ধাৰিত দেশসমূহ চিনাক্ত কৰি লৈছে ৷ ভাৰতত-নিৰ্মিত অস্ত্ৰ ৰপ্তানি আৰু সামৰিক সামগ্ৰী সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাৰ এক প্ৰতিবেদন ৷

India makes hit-list of 14 countries in Asia, Middle East as targets for military export
বিশ্বৰ শীৰ্ষ পাঁচখন অস্ত্ৰ ৰপ্তানিকাৰী দেশৰ ভিতৰত স্থান লোৱাৰ দৌৰত ভাৰত
author img

By

Published : Aug 28, 2020, 5:23 PM IST

নিউজ ডেস্ক, 28 আগষ্ট : এক মহান লক্ষ্য আগত ৰাখি 2025ৰ ভিতৰত 35,000 কোটি টকা সংগ্ৰহৰ বাবে ভাৰতে স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত অস্ত্ৰ তথা সামৰিক সামগ্ৰী ৰপ্তানি কৰিবলৈ 14খন দেশ নিৰ্দিষ্ট কৰি লৈছে ৷ পৰৱৰ্তী পাঁচ বৰ্ষৰ ভিতৰত বিশ্বৰ আগশাৰীৰ পাঁচখন অস্ত্ৰ ৰপ্তানিকাৰী দেশৰ ভিতৰত এখন হ'বৰ বাবে এই লক্ষ্য নিৰ্ধাৰিত কৰি লৈছে ভাৰতে ৷

"আমি আমাৰ সামৰিক সামগ্ৰী বিক্ৰী কৰিব পৰা 14 খন দেশ চিনাক্ত কৰি উলিয়াইছো ৷ এছিয়া আৰু মধ্য-প্ৰাচ্যৰ এইসমূহ সহযোগী দেশক ইয়াৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷" এই সন্দৰ্ভত জৰিত এগৰাকী শীৰ্ষ বিষয়াই ইটিভি ভাৰতৰ আগত এইদৰে প্ৰকাশ কৰে ৷ এই সমগ্ৰ বিষয়টো ভাৰতৰ "মেক ইন ইণ্ডিয়া" আঁচনিৰ অধীনত আৰু বিশ্বৰ দ্বিতীয় শীৰ্ষ অস্ত্ৰ আমদানিকাৰী দেশৰ তালিকাত Stockholm International Peace Research Instituteৰ দ্বাৰা স্থান লাভ কৰাৰ পিচতে গ্ৰহণ কৰা হয় ৷

অস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতে মৰিচাচ, ম্যানমাৰ আৰু শ্ৰীলংকাক ইয়াৰ গ্ৰাহক হিচাপে লৈ বিশ্বৰ ভিতৰতে 23সংখ্যক স্থানত আছে ৷

বৃহস্পতিবাৰে প্ৰতিৰক্ষা সচিব (উৎপাদন) ৰাজ কুমাৰে এক ৱেবিনাৰত ভাৰতৰ প্ৰতিৰক্ষা স্ব-নিয়োজনৰ ক্ষেত্ৰখনত দেশৰ সহযোগী ৰাষ্ট্ৰসমূহৰ সৈতে প্ৰতিৰক্ষা সহযোগী নিয়োগ কৰি ইয়াক উন্নত কৰিবলৈ প্ৰয়াস কৰা হৈছে ৷ "এয়া আমাৰ মেক ইন ইণ্ডিয়াৰ পৰা মেক ফ'ৰ দি ৱৰ্ল্ড হিচাপে এক প্ৰয়াস" বুলি কুমাৰে কয় ৷

সামৰিক সামগ্ৰীৰ ভিতৰত ভাৰতীয় ৰাডাৰ, বন্দুক, শস্ত্ৰ আদি অন্যতম দাবীদাৰ, ইয়াৰ বিপৰীতে ব্ৰাহ্মোছ ক্ষেপনাস্ত্ৰ হৈছে অন্যতম যাক ৰাছিয়াৰ সৈতে যুটীয়াভাৱে উৎপাদন কৰা হৈছে ৷ ভাৰতে Original Equipment Makersৰ পৰা অনুজ্ঞাপত্ৰ লৈ সামগ্ৰী তৈয়াৰ কৰাৰ পৰা আঁতৰি আহি দেশৰ ভিতৰতে সংযুক্তভাৱে উৎপাদন প্ৰক্ৰিয়া চলাবলৈ অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ ইতিমধ্যে ইয়াৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৰাইজৰ মতামত বিচাৰি Defence Production & Export Promotion Policy 2020 নামে এখন খচৰা ইয়াৰ চৰকাৰী ৱেবচাইটত প্ৰকাশ কৰিছে ৷

ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন ক্ষেত্ৰখনৰ অধিকাংশই Ordnance Factories আৰু Defence Public Sector Undertakingsৰ মাজতে এতিয়াও সীমাৱদ্ধ হৈ আছে ৷ কিন্তু 2001 চনতে ব্যক্তিগত খণ্ডক সামৰিক সামগ্ৰী উৎপাদন কৰিবলৈ অনুজ্ঞাপত্ৰৰ অনুমতি প্ৰদান কৰা হৈছিল ৷

অস্ত্ৰ-শস্ত্ৰ, টেংক, সশস্ত্ৰ বাহন, গধুৰ বাহন, যুঁজাৰু বিমান আৰু হেলিকপ্টাৰ, যুঁজাৰু জাহাজ, ছাবমেৰিন, ক্ষেপনাস্ত্ৰ, শস্ত্ৰপ্ৰণালী, বৈদ্যুতিক সৰঞ্জাম আৰু অন্যান্য সামগ্ৰীসমূহৰ ক্ষেত্ৰখনত অধিক স্বচ্ছল হোৱাৰ পৰিনতিত এই সিদ্ধান্ত লোৱা হৈছে ৷

2019-2020ৰ ভিতৰত বিমানখণ্ড আৰু জাহাজখণ্ডক ধৰি ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগটো 80,000 কোটিৰ ভিতৰত অনুমান কৰা হৈছে ৷ ইয়াৰ ভিতৰত ৰাজহুৱা খণ্ডৰ 63,000 কোটি আৰু ব্যক্তিগত খণ্ডৰ হাতত 17,000 কোটি ধাৰ্য হৈ আছে ৷

লগতে পঢ়ক : তিনিখনকৈ শান্তি চুক্তিয়েও শান্তি ঘূৰাই আনিব নোৱাৰিলে বড়োভূমিলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.