নিউজ ডেস্ক, 10 এপ্ৰিলঃ ভাৰত-জাপানৰ পাৰস্পৰিক বৈদিশক বন্ধুত্ব আৰু কৌশলগত সম্পৰ্কেৰে সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰা মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত নতুন পদ্ধতি আৰু তাৰ সমাধান উলিওৱাৰ ক্ষেত্ৰত সহায় আগবঢ়াব ।
শুকুৰবাৰে টুইটযোগে এই মন্তব্য প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । কৰ'ণা ভাইৰাছ সন্দৰ্ভত জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবেৰ লগত বাৰ্তালাপ কৰাৰ পাছতে টুইটযোগে এইদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।
মোডীয়ে টুইটযোগে লিখে যে, "মহামাৰী COVID-19ৰ সম্পৰ্কত মোৰ বন্ধু তথা জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবেৰ লগত গুৰুত্বপূৰ্ণ বাৰ্তালাপ হয় । ভাৰত-জাপানৰ পাৰস্পৰিক বৈদিশক বন্ধুত্ব আৰু কৌশলগত সম্পৰ্কেৰে বিশ্ববাসীৰ বাবে COVID-19 ৰোধ কৰিবৰ বাবে নতুন পদ্ধতি আৰু সমাধান উলিওৱাৰ ক্ষেত্ৰত সহায় কৰিব ।"
উল্লেখ্য যে, জাপানৰ প্ৰধানমন্ত্ৰী আবে কিছুদিন পূৰ্বে কৰ'ণা ভাইৰাছৰ বাবেই জাপানৰ টকিঅ' কে ধৰি ৬ খন ঠাইত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল ।
আনহাতে, শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেপালৰ প্ৰধানমন্ত্ৰী পি শৰ্মাৰ লগতো কৰ'ণা ভাইৰাছ সন্দৰ্ভত বাৰ্তালাপ কৰে বুলি টুইটযোগে সদৰী কৰে ।