নিউজ ডেস্ক, 29 ছেপ্টেম্বৰ : প্ৰতিৰক্ষা মন্ত্ৰালয়ে শেহতীয়াকৈ ইয়াৰ অন্তৰ্গত প্ৰতিৰক্ষা অধিগ্ৰহণ প্ৰক্ৰিয়াত কেতবোৰ গুৰুত্বপূৰ্ণ সংশোধন ঘটায় ৷ ইয়াৰ দ্বাৰা চৰকাৰে সামৰিক সামগ্ৰীৰ ভাড়া নিজৰ হাতত ৰাখি তিনিধৰণৰ নতুন প্ৰক্ৰিয়াৰ সংযোজন ঘটায় ৷ দেশৰ প্ৰতিৰক্ষা অধিগ্ৰহণৰ নতুন নীতি অনুসৰি এই তিনিটা দিশৰ সংযোজন কৰা হয় ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত থকা প্ৰতিৰক্ষা অধিগ্ৰহণ আয়োগে ইয়াক অনুমোদন জনাই গৃহীত কৰে ৷
আয়োগৰ বিশেষ সচিব তথা মহা নিৰ্দেশক অপূৰ্ব চন্দ্ৰাই এই সন্দৰ্ভত কয় যে, "আমি অফচেট নীতিৰ প্ৰতি লক্ষ্য ৰাখি এই পৰিৱৰ্তন আনিছো ৷ এতিয়াৰে পৰা চৰকাৰৰ পৰা চৰকাৰ, অন্তৱৰ্তীকালীন চৰকাৰী আৰু একক গ্ৰাহক প্ৰতিৰক্ষা চুক্তিত কোনো অফচেট অধ্যাদেশ নাথাকিব ৷ অৱশ্যে অন্যান্য় চুক্তিৰ ক্ষেত্ৰত অফচেট অধ্যাদেশ থাকিব ৷ এতিয়াৰে পৰা প্ৰতিৰক্ষা নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন গোটসমূহক অফচেট অধ্যাদেশৰ পৰা আঁতৰাই আনি প্ৰতিৰক্ষা অধিগ্ৰহণ অধিক ক্ষীপ্ৰতৰ কৰি তোলাৰ বাবে চেষ্টা কৰা হ'ব ৷"
লগতে পঢ়ক : হৃদৰোগৰ বলি হৈ এমাহত মৃত্যু ছগৰাকী স্থলসেনা বিষয়াৰ
উল্লেখ্য যে, বিগত 23 ছেপ্টেম্বৰত ভাৰতৰ ফেডাৰেল অডিটৰে ৰাফেল প্ৰস্তুতকাৰী ডেছাল্ট এভিয়েশ্বনক তেওঁলোকৰ অফচেট নীতি পূৰণ কৰিব নোৱাৰাৰ বাবে প্ৰতিৰক্ষা অধিগ্ৰহণ চুক্তিৰ পৰা আঁতৰাই আনিছিল ৷ এই সন্দৰ্ভত দেশৰ বিত্তীয় হিচাপ নিৰীক্ষণকাৰী সংস্থা কেগেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷ কেগে ইয়াৰ প্ৰতিবেদনত ডেছাল্টে চুক্তিৱদ্ধ হোৱা অফচেট নীতিৰ অধীনত 30 শতাংশ প্ৰযুক্তি প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাক প্ৰদান কৰাত ব্যৰ্থ হোৱা বুলি কৈছিল ৷ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই এই চুক্তিৰ অধীনত স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত কাভেৰী ইঞ্জিনক লাইট কম্বেট এয়াৰক্ৰাফ্টত সংযোগ কৰাৰ বাবে চুক্তিৱদ্ধ হৈছিল আৰু ডেছাল্টে এইক্ষেত্ৰত পৰ্যাপ্ত প্ৰযুক্তিগত সহায় আগবঢ়োৱাৰ বাবে মান্তি হৈছিল যদিও পৰৱৰ্তী সময়ত অফচেট নীতিত ব্যৰ্থ হয় আৰু আজিলৈকে ইয়াক লৈ নিশ্চিত প্ৰদান কৰাৰ পৰা বিৰত আছে বুলি কেগে উল্লেখ কৰিছিল ৷
উল্লেখ্য যে, 2005 চনত ভাৰতে প্ৰতিৰক্ষা মুলধন ক্ৰয়ত অফচেট নীতি গৃহীত কৰিছিল ৷ এই নীতিৰ দ্বাৰা 300 কোটিৰ অধিক মূল্যৰ আমদানিকৃত মুলধনৰ ক্ষেত্ৰত বৈদেশিক বিক্ৰেতাই ইয়াৰ 30 শতাংশ মূল্য ভাৰতত বিনিয়োগ কৰিবলৈ বাধ্যতামুলক কৰা হৈছিল ৷ এই বিনিয়োগ ভাৰতীয় প্ৰতিৰক্ষা আৰু মহাকাশ ক্ষেত্ৰত সংযোজন কৰা হৈছিল ৷ আৰু বিনিয়োগ মুকলি কৰিবলৈ বিভিন্ন সংস্থা উপলব্ধ কৰা হৈছিল ৷ ইয়াৰ দ্বাৰা প্ৰত্যক্ষ বৈদেশিক বিনিয়োগক সংযোগ কৰা হৈছিল আৰু ভাৰতীয় প্ৰযুক্তিগত ফাৰ্মলৈ বিদেশী প্ৰযুক্তি বিনামূলীয়াকৈ সালসলনি কৰা, ভাৰতীয় ফাৰ্মৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীৰ ৰপ্তানি সুচল কৰি তোলা হৈছিল ৷ ইয়াৰ বাবে বিদেশী সংস্থাই যিকোনো এখন ভাৰতীয় ফাৰ্মক ইয়াৰ সহযোগী হিচাপে লোৱাৰ নীতিও গ্ৰহণ কৰা হৈছিল ৷
-
Raksha Mantri Shri @rajnathsingh released the New Defence Acquisition Procedure (DAP) at the Defence Acquisition Council (DAC) meeting in South Block today. pic.twitter.com/RScpzGIG15
— रक्षा मंत्री कार्यालय/ RMO India (@DefenceMinIndia) September 28, 2020 " class="align-text-top noRightClick twitterSection" data="
">Raksha Mantri Shri @rajnathsingh released the New Defence Acquisition Procedure (DAP) at the Defence Acquisition Council (DAC) meeting in South Block today. pic.twitter.com/RScpzGIG15
— रक्षा मंत्री कार्यालय/ RMO India (@DefenceMinIndia) September 28, 2020Raksha Mantri Shri @rajnathsingh released the New Defence Acquisition Procedure (DAP) at the Defence Acquisition Council (DAC) meeting in South Block today. pic.twitter.com/RScpzGIG15
— रक्षा मंत्री कार्यालय/ RMO India (@DefenceMinIndia) September 28, 2020
লগতে পঢ়ক : নিয়াৰ অতিৰিক্ত তিনিটা শাখা স্থাপনত অনুমোদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ
এই অফচেট নীতিৰ দ্বাৰা ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগটোক আত্মনিৰ্ভৰ কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত অধিক জোৰ দিয়া হৈছিল ৷ 2005ৰ মাৰ্চৰ পৰা 2018চনলৈ এই নীতিৰ অধীনত 46খন অফচেট চুক্তি সম্পন্ন কৰা হৈছিল যাৰ বজাৰ মূল্য প্ৰায় 66,427 কোটি ৷ এই চুক্তিৰ অধীনত 2018ৰ ডিচেম্বৰলৈকে 19,223 কোটিৰ অফচেট মুকলি কৰি দিয়া হৈছিল ৷ কিন্তু তেওঁলোকে দাবী কৰা অফচেটৰ পৰিমান আছিল মাত্ৰ 11,396 কোটি ৷ পৰৱৰ্তী সময়ত মাত্ৰ 48 শতাংশ (5,457 কোটি) এই অফচেট বিক্ৰেতাসকলে ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ক চমজাই দিছিল ৷ বাকীখিনি প্ৰতিৰক্ষা অধিগ্ৰহণ প্ৰক্ৰিয়াৰ অন্তৰালত নহাৰ বাবে বাতিল কৰা হৈছিল ৷
যাৰ পৰিপ্ৰেক্ষিতত এইদৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰতিৰক্ষা অধিগ্ৰহণৰ ক্ষেত্ৰত এইসমূহ নতুন নীতিৰ সংযোজন কৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইয়াক অনুমোদন জনোৱাৰ পিচতেই মঙলবাৰৰ পৰা এই কাৰ্যকৰী হৈ পৰে ৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তিনিটা নতুন দিশৰ সংযোজন ঘটায় আৰু এই তিনিটা নতুন দিশ হৈছে চৰকাৰৰ পৰা চৰকাৰ, অন্তৱৰ্তীকালীন চৰকাৰী আৰু একক গ্ৰাহক প্ৰতিৰক্ষা চুক্তি ৷
লগতে পঢ়ক : পূৱ লাডাখত যুদ্ধ নহয়, শান্তিৰ পৰিৱেশঃ এয়াৰ চীফ মাৰ্শ্বাল ভাদুৰীয়া