নিউজ ডেস্ক, 11 নৱেন্বৰঃ দেশত ক'ৰণা ভাইৰাছৰ সংক্ৰমণৰ গতি ক্ৰমাৎ হ্ৰাস পোৱাৰ পৰিলক্ষিত হৈছে ৷ যোৱা 24 ঘন্টাত দেশত নতুনকৈ ক'ৰণাত আক্ৰান্ত হৈছে 44,281 জন লোক ৷ দেশৰ স্বাস্থ্য বিভাগৰ (MoHFW) তথ্য অনুসৰি দেশত এতিয়ালৈকে ক'ৰণা আক্ৰান্ত হৈছে 86,36,011 জন লোক ৷
ইয়াৰ সমান্তৰালভাৱে দেশত মৃত্যু সংখ্যা হৈছে 512 জন ৷ দেশৰ সৰ্বমুঠ ক'ৰণাত মৃত্যু সংখ্যা হৈছে 1,27,571 জন ৷ যোৱা 24 ঘন্টাত ক'ৰণাত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা ৰোগীৰ সংখ্যা 4,94,657 জনৰ বিপৰীতে 6,557 জন ৰোগী ক'ৰণা পৰা মুক্ত হৈছে ৷
ইফালে Indian Council of Medical Research (ICMR), তথ্য অনুসৰি ভাৰতত এতিয়ালৈকে 12,07,69,151 টা চেম্পুল টেষ্ট কৰা হৈছে ৷ ইয়াৰে 11,53,294 টা চেম্পুল যোৱা 24 ঘন্টাত পৰীক্ষা কৰা হৈছে ৷
লগতে পঢ়কঃহাগ্ৰামা যদি ক’লা মেকুৰী তেন্তে হিমন্ত ডকাইত : কোনে ক’লে ?