ETV Bharat / bharat

কোভিড-19ৰ বিৰুদ্ধে যুঁজিবলৈ নেপালৰ সৈতে ঠিয় দিছে ভাৰত - নেপাললৈ ভাৰতৰ সহায়

নেপালৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই ভাৰতে কিছুদিন পূৰ্বে নেপালৰ সেনাক প্ৰদান কৰিছিল জীৱনদায়িনী ভেন্টিলেটৰ প্ৰদান কৰিছিল ৷ শেহতীয়াকৈ ভাৰতে দেশখনলৈ প্ৰেৰণ কৰিছে 23 টন অত্যাৱশ্যকীয় জীৱনদায়িনী ঔষধ ৷

কোভিড-19ৰ বিৰুদ্ধে যুঁজিবলৈ নেপালৰ সৈতে ঠিয় দিছে ভাৰত

author img

By

Published : Aug 17, 2020, 10:35 PM IST

নিউজ ডেস্ক, 17 আগষ্ট : ভাৰতে দীৰ্ঘদিনীয়া বন্ধু ৰাষ্ট্ৰ নেপাললৈ পুনৰ এবাৰ বিপদৰ সময়ত ঠিয় দিছে ৷ দেশখনক ভাৰতে বিপদৰ সময়ত বিভিন্নধৰণে সহায় কৰি আহিছে ৷ শেহতীয়াকৈ কোভিড-19 মহামাৰীৰ সময়ত দেশখনলৈ বিভিন্ন সামগ্ৰীকে ধৰি জীৱনদায়িনী ঔষধ প্ৰেৰণ কৰিছে ৷

শেহতীয়াকৈ নেপালত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে বিনয় মোহন ক্ৱাট্ৰাই ৷ বিষয়াগৰাকীয়ে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে 23 এপ্ৰিলত ভাৰতে নেপাললৈ প্ৰেৰণ কৰা 23 টন অত্যাৱশ্যকীয় ঔষধ দেশখনৰ স্বাস্থ্য বিভাগক অৰ্পন কৰিছিল ৷

ইয়াৰ উপৰিও ৰাষ্ট্ৰদূতগৰাকীয়ে 17 মে'ত নেপালৰ স্বাস্থ্যমন্ত্ৰীক কোভিড-19ৰ টেষ্ট কীটো প্ৰদান কৰিছিল ৷ ইয়াৰ ভিতৰত ভাৰতৰ অনুজীৱ আৰোগ্যকাৰী প্ৰতিষ্ঠান মাইলেবৰ দ্বাৰা প্ৰস্তুত কৰা 30,000 পিচিআৰ কীট আছিল ৷

মহামাৰীৰ প্ৰকোপৰ গভীৰতা অনুধাৱন কৰি ভাৰতে হিমালয়ৰ দেশখনক জীৱনদায়িনী ভেন্টিলেটৰো প্ৰদান কৰিছিল ৷ বিগত 9 আগষ্টত বিষয়াগৰাকীয়ে ভাৰতীয় সেনাই নেপালী সেনাক প্ৰদান কৰা 28 লাখ টকা মূল্যৰ 10টা ভেন্টিলেটৰ আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰিছিল ৷

বিষয়াগৰাকীয়ে কয় যে, "চলিত বৰ্ষটো মানৱ জাতিৰ বাবে কঠিন হৈ পৰিছে ৷ বিশেষকৈ কোভিড-19ৰ প্ৰকোপৰ ফলত সমগ্ৰ বিশ্বতে দেখা দিয়া বৃহৎ হাৰৰ অৰ্থনৈতিক পতন আৰু মানৱ জীৱনৰ লোকচানে ইয়াক অধিক গভীৰ কৰি তুলিছে ৷ আমি স্বাস্থ্যকৰ্মীসকল, আইন নিয়ন্ত্ৰণকাৰী, গৱেষক, বিজ্ঞানী আৰু ভাৰত তথা নেপালৰ কোভিড-19 যোদ্ধাসকলে দেখুওৱা তেওঁলোকৰ কৰ্মনিষ্ঠা আৰু সাহসৰ প্ৰতি সদায় নিষ্ঠাৱান ৷ এই ফালৰ পৰা ভাৰতে ইতিমধ্যে বিশ্বৰ 123 খন দেশলৈ কোভিড-19ৰ সহায়কাৰী ঔষধ প্ৰেৰণ কৰিছে ৷ এইক্ষেত্ৰত নেপালকো আগন্তুক দিনত আমি সহায় কৰি যাম ৷"

16 আগষ্টলৈকে নেপালত 26,660টা কোভিড-19 সংক্ৰমণৰ ঘটনা পোহৰলৈ আহে ৷ ইয়াৰ ভিতৰত 17,335গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে 104গৰাকী মৃত্যুমুখত পৰিছে ৷

লগতে পঢ়কঃ কোকৰাঝাৰ আৰক্ষীৰ অভিযানত জব্দ এমএমজিকে ধৰি বৃহৎ অস্ত্ৰভাণ্ডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.