ETV Bharat / bharat

বাজপেয়ীৰ দূৰদৰ্শীতাৰ বাবেই 1965 চনত থমকিবৈ বাধ্য হৈছিল চীনা সৈন্য - 1965 ত চীনক উচিত প্ৰত্যুত্তৰ অটল বিহাৰী বাজপেয়ীৰ

পুনৰ চীনৰ জিঘাংসাৰ বলি হ'বলগীয়া হৈছিল নেকি ভাৰত ? চীনৰ স্বৰূপ উদঙোৱাবলৈ সমগ্ৰ বিশ্বৰ সুসাধ্য নাছিল যদিও সেই সময়ত অটল বিহাৰী বাজপেয়ীয়ে লোৱা এক পদক্ষেপে সকলোকে হতভম্ব কৰি তুলিছিল ৷

India-China border dispute: When Atal Bihari Vajpayee drove 800 sheep to Chinese embassy
1965 ত চীনক উচিত প্ৰত্যুত্তৰ অটল বিহাৰী বাজপেয়ীৰ
author img

By

Published : Jul 6, 2020, 9:08 PM IST

নিউজ ডেস্ক, 6 জুলাইঃ "Eat me but save the world" সম্ভৱতঃ ভেৰাৰ ডিঙিত আঁৰি দিয়া এষাৰি বাক্যই 1967 ৰ চীনা আক্ৰমণৰ পৰা ৰক্ষা কৰিছিল ভাৰতক ৷ ভেৰা চুৰিৰ আজুহাততে পুনৰ ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি লোৱা চীনক প্ৰত্যুত্তৰ দিছিল সেই সময়ৰ সাংসদ অটল বিহাৰী বাজপেয়ীয়ে ৷

সেয়া আছিল 1965 চনৰ কথা ৷ 1962 চনত ভাৰতৰ ওপৰত চীনা সৈন্যই জয় লাভ কৰাৰ পাছতো যেন শান্ত হোৱা নাছিল চীনাৰ উত্তপ্ত তেজ ৷ পুনৰবাৰ ভাৰতক আক্ৰমণৰ চলেৰে 1965 চনত চীনে ভাৰতীয় সৈন্যৰ ওপৰত 800 ভেৰা আৰু 59 য়াক্​ চুৰিৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰক এখন পত্ৰ প্ৰেৰণ কৰিছিল ৷ 1962 চনৰ ভাৰত-চীন যুদ্ধৰ তেতিয়া মাত্ৰ তিনি বছৰহে পাৰ হৈছিল ৷ তৎসত্বেও শান্ত হোৱা নাছিল চীন ৷

লগতে পঢ়কঃ প্ৰচণ্ড শীতৰ বাবে লাডাখ সীমান্তত টেণ্টৰ ব্য়ৱস্থা কৰিবলৈ নিৰ্দেশ ভাৰতীয় সেনাৰ

পুনৰ চীনৰ জিঘাংসাৰ বলি হ'বলগীয়া হৈছিল নেকি ভাৰত ?

চীনৰ স্বৰূপ উদঙাৱাবলৈ সমগ্ৰ বিশ্বৰ সুসাধ্য নাছিল যদিও সেই সময়ত অটল বিহাৰী বাজপেয়ীয়ে লোৱা এক পদক্ষেপে সকলোকে হতভম্ব কৰি তুলিছিল ৷

1965 চনৰ ছেপ্তেম্বৰ মাহৰ শেষৰ কথা ৷ 800 টা ভেৰাৰ এটা পাল লৈ দিল্লীৰ চীনা দূতবাসৰ সন্মুখত হাজিৰ হ'ল অটল বিহাৰী বাজপেয়ী ৷ প্ৰতিটো ভেৰাৰ ডিঙিত ওলমাই দিয়া হৈছিল একোখনকৈ প্লেকাৰ্ড ৷ ভেৰাৰ ডিঙিৰ প্লেকাৰ্ডত লিখা আছিল "Eat me but save the world" অৰ্থাৎ "মোক খাওঁক কিন্তু বিশ্বক বচাওঁক" ৷

বাজপেয়ীৰ এই প্ৰদৰ্শনে স্তম্ভিত কৰিছিল চতুৰ চীনক ৷ কাৰণ বাজপেয়ীৰ এই পদক্ষেপে চীনে ভাৰতক প্ৰদান কৰি থকা ভাবুকিক বিশ্ববাসীৰ আগত উদঙাই দিছিল ৷ এই কাণ্ডৰ পাছতে ভাৰত চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল চীনে ৷ য'ত উল্লেখ কৰা আছিল যে, "এই প্ৰতিবাদ অপমানজনক" ৷ বাজপেয়ীৰ এই পদক্ষেপক চৰকাৰেও সমৰ্থন জনোৱা বুলি চিঠিত উল্লেখ কৰা হৈছিল ৷ লগে লগে ভাৰতে প্ৰতিক্ৰিয়া দিছিল, দিল্লীবাসীয়ে ভেৰা লৈ কৰা প্ৰতিবাদৰ বিষয়ে কোনো ধৰণে জ্ঞাত নহয় ভাৰত চৰকাৰ ৷ চীনে কৰা অভিযোগৰ বিৰোধিতা কৰি স্বতঃস্ফুত আৰু শান্তিপূৰ্ণভাৱে মতপ্ৰকাশ কৰিছিল দিল্লীবাসীয়ে ৷

পুনৰ ভাৰতীয় সৈন্যই তিব্বতীয়ক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰে চীনে ৷ ইয়াৰ উত্তৰত ভাৰতে কয় যে, তিব্বতৰ অন্য শৰণাৰ্থীৰ দৰে এই চাৰিজন শৰণাৰ্থীয়েও বিনা অনুমতিত ভাৰতত প্ৰৱেশ কৰিছিল ৷ তেওঁলোকে যেতিয়াই বিচাৰে তিব্বতলৈ উভতিব পাৰে ৷

দুবছৰ পাছত পুনৰ ভাৰতক এক শিক্ষা দিয়াৰ পৰিকল্পনা কৰিছিল চীনে কিন্তু ভাৰতৰ প্ৰত্যুত্তৰত ৰক্তাক্ত নাকেৰে উভতিবলগীয়া হয় চীন ৷ 1967 ত চীনে ভাৰতৰ তৰফৰ পৰা পোৱা শিক্ষাৰ ফলত বিগত কেবাবছৰলৈ শান্ত হৈ থাকিবলগীয়া হয় চীন ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.