ETV Bharat / bharat

সুশান্ত সিং ৰাজপুতৰ স্মৃতিত ৫৫০ টা দৰিদ্ৰ পৰিয়াললৈ খাদ্য যোগান ভূমি পেডনেকাৰৰ

সদ্য প্ৰয়াত বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যৰে ৫৫০ টা দৰিদ্ৰ পৰিয়ালক খাদ্য যোগান ধৰিব বুলি সোমবাৰে ইষ্টাগ্ৰামযোগে প্ৰকাশ কৰে বলিউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰে ।

author img

By

Published : Jun 29, 2020, 3:43 PM IST

সুশান্ত সিং ৰাজপুত
সুশান্ত সিং ৰাজপুতৰ স্মৃতিত ৫৫০ টা দৰিদ্ৰ পৰিয়াললৈ খাদ্য যোগান ভূমি পেডনেকাৰৰ

নিউজ ডেস্ক, ২৯ জুনঃ বলিউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰে সোমবাৰে "সোণছিৰিয়াৰ" সহ-অভিনেতা তথা বলিউডৰ সদ্য প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যৰে ৫৫০ টা ৰো অধিক পৰিয়ালক খাদ্য যোগান ধৰিব বুলি মত প্ৰকাশ কৰে ।

সোমবাৰে পেডনেকাৰে ইষ্টাগ্ৰামত সুশান্ত সিং ৰাজপুতৰ এখন ফটো শ্বেয়াৰ কৰাৰ লগতে এটি পোষ্ট শ্বেয়াৰ কৰে । পেডনেকাৰে ইষ্টাগ্ৰামত লিখে যে, মই মোৰ মৰমৰ বন্ধুজনৰ নামত এটি বেচকাৰী সংস্থাৰ মাধ্যমেৰে ৫৫০ টা দৰিদ্ৰ পৰিয়ালক খাদ্য যোগান ধৰিম । আহক আমি সকলোৱে প্ৰেম আৰু কৰুণাৰে এই সংকটৰ সময়ত অসহায় ব্যক্তিলৈ সহায়ৰ হাত আগবঢ়াও ।

উল্লেখ্য যে, বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুত আৰু অভিনেত্ৰী ভূমি পেডনেকাৰে অভিষেক ছৌবেৰ নিৰ্দেশনাত "সোণছিৰিয়া"নামৰ ছবিখনত একেলগে অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.