ETV Bharat / bharat

COVID-১৯ৰ বিৰুদ্ধে চলা যুঁজৰ পৰিপ্ৰেক্ষিত গুৰুত্বহীন হৈছে পানী সংকটৰ সমস্য়া - কৰ'ণা ভাইৰাছ

ভাৰতৰ বহু কেইটা অঞ্চল এতিয়া মুখামুখি হৈছে পানী সংকটৰ । কিন্তু সেই সময়তে কৰ্তপক্ষ ব্যস্ত হৈ আছে কোভিড-১৯ বিৰুদ্ধে চলা যুঁজত । এনে পৰিস্থিতিত হাত ধুবলৈ,স্বচ্ছতা বৰ্তাই ৰাখিবলৈ প্ৰয়োজন পানীৰ । কিন্তু অনাগত দিনত পানীৰ সংকটৰ ফলতেই কোভিড-১৯ ৰ লগতে অন্যান্য় সংক্ৰমণ ৰোগৰ সৃষ্টি হোৱাৰ সম্ভাৱনা ।

In fight against COVID-19, water crisis may take a backseat
In fight against COVID-19, water crisis may take a backseatIn fight against COVID-19, water crisis may take a backseat
author img

By

Published : Apr 21, 2020, 5:11 PM IST

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ মহামাৰী কৰ'ণা ভাইৰাছে সমগ্ৰ বিশ্বৰে অৰ্থনৈতিক ব্যৱস্থাক প্ৰভাৱিত কৰাৰ লগতে ভাৰতৰ বিভিন্ন অঞ্চলত হৈ থকা পানী সংকটৰ ওপৰত প্ৰভাৱ পেলোৱাৰ লগতে ইয়াৰ অৱস্থা আৰু শোচনীয় কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

গ্ৰীষ্মকালীন সময়ৰ আৰম্ভণিৰ লগে-লগেই এপ্ৰিল,মে' মাহত ভাৰতৰ বিভিন্ন ঠাইত এতিয়া দেখা দিছে পানীৰ সংকটে । কিন্তু এই সকলো সমস্যা আওকাণ কৰি কোভিড-১৯ৰ বিৰুদ্ধে সকলো উৎস ব্যৱহাৰে আগন্তুক সময়ত পৰিস্থিতি অধিক অৱনতি ঘটাব পাৰে বুলি অনুমান কৰা হৈছে ।

গ্ৰীষ্মকালত পানীৰ যোগান ধৰাটো বিভাগৰ বাবে প্ৰত্যাহ্বান । কিন্তু ইয়াৰ মাজতে COVID-১৯ৰ বাবে বৰ্তমান ব্যক্তিগত স্বচ্ছতাৰ বাবে সঘনাই হাত ধোৱা এতিয়া নিয়মিত অভ্যাসত পৰিণত হৈছে বহুতৰ । গতিকে এতিয়া জল বিভাগৰ দায়িত্বত থকা লোক সকলৰ বাবে অধিক প্ৰত্যাহ্বান আহি পৰিছে ।

বৰ্তমানলৈকে বহু কেইটা চৰকাৰী বিভাগৰ লগতে চৰকাৰৰ উচ্চ-স্তৰীয় বিষয়া কোভিড-১৯ মহামাৰীৰ লগত জড়িত হৈ থকাৰ বাবেই পানী সংকটৰ বিষয়টো অধিক গুৰুত্ব লাভ কৰিবলৈ সক্ষম হোৱা নাই । অটল মিছন ফৰ্ ৰিজিওভেনশ্যন এণ্ড আৰ্বান ট্ৰান্সফৰ্মেশ্যন লক্ষ্য আছিল ২০২০-২১ বৰ্ষলৈ ১.৭ মিলিয়ন নতুন ঘৰত পানীৰ টেপ যোগান ধৰা । কিন্তু বৰ্তমান গম্ভীৰ সংকটৰ সময়ত লক্ষ্যৰ লগতে বেমাৰৰো শংকা বৃদ্ধি পাইছে । ইয়াৰ লগতে জল শক্তি অভিযানো বিভিন্ন সমস্য়াৰ সন্মুখীন হ'বলগীয়া হৈছে ।

বৰ্তমান সময়ত পৰিস্কাৰ পানী যোগান ধৰাটো অতিকৈ গুৰুত্বপূৰ্ণ । বিশ্ব বেংকৰ মতে ভাৰতত ২১ শতাংশ সংক্ৰামক ৰোগ অ-পৰিস্কাৰ পানীৰ বাবেই হয় । পানী সংকটৰ সময়ত ভাৰতত সংক্ৰামক ৰোগৰ শংকা হৈছে ৪৫ শতাংশ । য'ত কোভিড-১৯ নো অন্তৰ্ভুক্ত হৈ আছে ।

এটা আনুমানিক ভিত্তিত ২০ ছেকেণ্ডলৈ হাত ধুবলৈ প্ৰতিগৰাকী লোকক ১ৰ পৰা ২ লিটাৰ লৈ পানীৰ প্ৰয়োজন । সেই হিচাপত এদিনত পাঁচজন লোকক হাত ধুবলৈ প্ৰায় দিনটোত ৫০-৭০ লিটাৰ পানীৰ প্ৰয়োজন ।

গতিকে গ্ৰাম্য ভাৰতৰ অধিকাংশ স্থান এতিয়াও চৰকাৰী পানী টেংকিৰ ওপৰত নিৰ্ভৰশীল । য'ত প্ৰতিজন ব্য়ক্তিক ২০ ৰ পৰা ২৫ লিটাৰ পানী যোগান ধৰা হয় । তেনে লোকৰ বাবে হাত ধুবলৈ পৰ্যাপ্ত ইমান লিটাৰ পানী, যদিহে অন্য় কামত পানীৰ ব্য়ৱহাৰ কৰা নাযায় । যিটো অসম্ভৱ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.