নেশ্যনেল ডেস্ক, 4 এপ্ৰিল : কোভিড-19 ত আক্ৰান্ত এগৰাকী মহিলাই সুস্থ সন্তান প্ৰসৱ কৰাৰ কথা জানিবলৈ দিয়ে এইমছ, দিল্লী (AIIMS) কৰ্তৃপক্ষই ৷ ইয়াৰোপৰি, এইমছে জানিবলৈ দিয়া অনুসৰি, সন্তানটো বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে ৷
এইমছৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ অধ্যাপিকা নিৰজা ভাটলাৰ তত্বাৱধানত এটা চিকিৎসকৰ দলে এই মহিলাগৰাকীৰ সন্তান প্ৰসৱ কৰোৱায় ৷ এই সম্পৰ্কত নিৰজা ভাটলাই কয় যে, শুকুৰবাৰে সন্ধিয়া সময়ত নিৰ্ধাৰিত সময়ৰ এসপ্তাহ পূৰ্বেই মহিলাগৰাকীয়ে অস্ত্ৰোপচাৰৰ জৰিয়তে এটি পুত্ৰ সন্তান প্ৰসৱ কৰে ৷
সন্তানটিৰো কোভিড-19 পৰীক্ষণ চলোৱা হব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত নিৰজা ভাটলাই কয়, "আমি সন্তানটিৰ স্বাস্থ্য পৰীক্ষা কৰিম আৰু কোনো লক্ষণ পাওঁ নেকি চাম ৷ বৰ্তমান শিশুটি সুস্থ অৱস্থাত আছে ৷"
চিকিৎসকৰ মতে, "দিল্লীত প্ৰথমবাৰৰ বাবে এগৰাকী কোভিড-19 ত আক্ৰান্ত মহিলাই সন্তান প্ৰসৱ কৰিছে ৷ এইমছৰে শৰীৰবিজ্ঞান বিভাগত চিকিৎসক হিচাপে কৰ্মৰত মহিলাগৰাকীৰ স্বামীও কোভিড-19 ত আক্ৰান্ত হোৱাৰ পাচতে বৃহস্পতিবাৰে মহিলাগৰাকী আক্ৰান্ত হৈছিল ৷ আনহাতে, চিকিৎসকজনৰ নিজ ভাতৃও আক্ৰান্ত হৈছে কোভিড-19 ত ৷"
স্তনপান কৰাবৰ বাবে সন্তানটি বৰ্তমান মহিলাগৰাকীৰ লগতে সম্পূৰ্ণ সুস্থ অৱস্থাত আছে ৷ এই সম্পৰ্কত এজন চিকিৎসকে জানিবলৈ দিয়া অনুসৰি, স্তনপান কৰোৱাৰ ফলত এই ৰোগৰ সংক্ৰমণ হ'ব পাৰে বুলি বৰ্তমানলৈকে কোনো প্ৰমাণ নাই ৷ সন্তান প্ৰসৱ কৰা মহিলাগৰাকীও বৰ্তমান সুস্থ বুলি জানিবলৈ দিয়ে চিকিৎসকজনে ৷ কোভিড-19 ত আক্ৰান্ত গৰ্ভৱতী মহিলাৰ শুশ্ৰুষাৰ বাবে এইমছ কৰ্তৃপক্ষই ইতিমধ্যেই ঘোষণা কৰিছে এক প্ৰটক'ল ৷
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কোভিড-19 ত আক্ৰান্ত মহিলাই ইচ্ছা কৰিলে নিজ সন্তানক স্তনপান কৰোৱাব পাৰে ৷ কিন্তু, এই ক্ষেত্ৰত চাফ-চিকুণতা বৰ্তাই ৰখাটো অতি প্ৰয়োজনীয় ৷ স্তনপান কৰোৱাৰ পূৰ্বে মাস্ক পৰিধান কৰাৰ লগতে সন্তানক স্পৰ্শ কৰাৰ আগত আৰু পাচত হাত ধুৱা আৰু তেওঁলোকে স্পৰ্শ কৰা যিকোনো স্থান পৰিস্কাৰ কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷