1. ভাৰ্চুৱেল সমাবেশৰ জড়িয়তে আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব মুখ্যমন্ত্ৰী নীতিশ কুমাৰে
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি ভাৰ্চুৱেল সমাবেশৰ মাধ্যমেৰে সমৰ্থকসকলক সম্বোধন কৰিব ৷ কৰ’ণা মহামাৰীৰ মাজত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা বিহাৰ হৈছে প্ৰথমখন ৰাজ্য ৷ 29 নৱেম্বৰত সমাপ্ত হ’ব বিহাৰ বিধানসভাৰ কাৰ্যকাল ৷ ছেপ্টেম্বৰৰ মাজভাগত নিৰ্বাচনী আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷
2. আজিৰে পৰা পুনৰ মুকলি হ’ব নিজামুদ্দিন অউলিয়া দৰগাহ
আজিৰে পৰা ভক্তৰ বাবে পুনৰ খোলা হ’ব দিল্লীৰ বিখ্যাত নিজামুদ্দিন অউলিয়া দৰগাহ ৷ কৰ’ণা ভাইৰাছৰ প্ৰকোপৰ বাবে মাৰ্চ মাহৰ মাজৰ পৰা বন্ধ আছিল দৰগাহটো ৷
3. আজি প্ৰকাশ পাব আই পি এলৰ সম্পূৰ্ণ কাৰ্যক্ৰমণিকা
সংযুক্ত আৰৱ গণৰাজ্যত অনুষ্ঠিত হ’বলগীয়া চলিত বৰ্ষৰ আই পি এলৰ সম্পূৰ্ণ কাৰ্যক্ৰমণিকা আজি প্ৰকাশ পাব ৷ কৰ’ণা মহামাৰীৰ সংহাৰৰ মাজতেই 19 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব আই পি এল ৷
লগতে পঢ়ক : গেছভৰ্তি চিলিণ্ডাৰত নহয়, বিস্ফোৰণ হ’ল স্তভত !