1. আজি মণিপুৰত 13 নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডাকৰীয়ে
![Important national events to look for today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8445999_nitin.jpg)
কেন্দ্ৰীয় যাতায়ত আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে সোমবাৰে মণিপুৰত 3000 কোটি টকীয়া 13 নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ৷ দিনৰ 11.30 বজাত মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ উপস্থিতিত এই কাৰ্যসূচী ৰূপায়ন কৰা হ’ব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰি মণিপুৰ চৰকাৰে আজিৰ দিনটোক বিশেষ বুলি আখ্যা দিয়ে ৷
2. বিশেষ ব্যক্তিসকলৰ ভ্ৰমণৰ বাবে আজি ভাৰতে গ্ৰহণ কৰিব এখন বিশেষ নতুন বিমান
![Important national events to look for today](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8445999_plane.jpg)
এয়াৰ ইণ্ডিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ ভ্ৰমণৰ বাবে অধ্যাধুনিক B777 বিমানখন আজি গ্ৰহণ কৰিব ৷ জুলাই মাহতে বিমানসমূহৰ সৰবৰাহ কৰাৰ দিন ধাৰ্য কৰা হৈছিল যদিও কোভিড-19 মহামাৰীৰ বাবে সৰবৰাহত কিছু দিন পলম হয় ৷ চেপ্তেম্বৰৰ ভিতৰত আন এখন অধ্যাধুনিক B777 বিমান গ্ৰহণ কৰিব ভাৰতে ৷