নিউজ ডেস্ক, 27 জুলাইঃ সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান দিল্লীত শুকুৰবাৰে নিশাৰ ভাগত উদ্ধাৰ হৈছে তিনিটাকৈ মৃতদেহ ৷ প্ৰতিষ্ঠানখনৰ পৰিসৰৰ ভিতৰত উদ্ধাৰ হৈছে পতি-পত্নী আৰু তেওঁলোকৰ বৃদ্ধ মাতৃৰ মৃতদেহ ৷ ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আইআইটি দিল্লীত ৷
ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তিনিওটা মৃতদেহ উদ্ধাৰ কৰিছে ৷ প্ৰাৰম্ভিক অনুসন্ধানৰ অন্তত তিনিওজনৰে মৃত্যু ফাঁচী লগোৱাৰ ফলত সংঘটিত হৈছে বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ অৱশ্যে এতিয়ালৈকে আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই ৷