নিউজ ডেস্ক, 2 জুনঃ এক মুনাফাবিহীন বৈজ্ঞানিক গৱেষণা সংস্থা, IAVI ই আন এক বৈজ্ঞানিক গৱেষণা সংস্থা Merckৰ লগত যুটীয়াভাৱে কোভিড-19ৰ প্ৰতিষেধক তৈয়াৰ কৰাৰ গৱেষণাত জড়িত হৈছে ৷ Merck গৱেষণাগাৰৰ অধ্যক্ষ ডাঃ ৰোগাৰ এম পাৰ্লমুট্টাৰে এই কথা প্ৰকাশ কৰি কয় যে, কোভিড-19 সমগ্ৰ বিশ্বৰ বাবেই এক গম্ভীৰ প্ৰত্যাহ্বান ৷ ইয়াৰ সংক্ৰমণ ৰোধ কৰিবলৈ আমি বিশ্বৰ বিভিন্ন সংস্থাৰ সৈতে একেলগে কাম কৰিব বিচাৰিছো আৰু এইক্ষেত্ৰত আমাৰ সৈতে সহযোগ কৰিব IAVIএ ৷
IAVIৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অধ্যক্ষ ডাঃ মাৰ্ক ফেইনবাৰ্গে কয় যে, আমি বিশ্বাস কৰো যে, rVSV (recombinant vesicular stomatitis virus) প্ৰযুক্তিৰ দ্বাৰা নিৰ্মিত প্ৰতিষেধকে কোভিড-19ৰ বিৰুদ্ধে কাম কৰিবলৈ সক্ষম হ'ব ৷ ইয়াৰ বাবে আমি Merckৰ সৈতে কাম কৰি আছো আৰু শীঘ্ৰেই আমি সফল হ'ম ৷
উল্লেখ্য যে, মহামাৰী ইবোলা ভাইৰাছৰ সময়ত Merck চিকিৎসা গৱেষণা সংস্থাটোৱে rVSV প্ৰযুক্তিৰ সহায়ত Ebola Zaire virus vaccine, ERVEBOৰ প্ৰস্তুত কৰি উলিয়াইছিল ৷ দুয়োটা সংস্থাই কোভিড-19 মহামাৰীৰ উপৰিও HIV, লাছা ফিভাৰ, মাৰবাৰ্গ আৰু ইবোলাৰ ওপৰত দীৰ্ঘদিন ধৰি ডাঃ স্বাতী গুপ্তাৰ নেতৃত্বত গৱেষণা কৰি আহিছে আৰু তাৰ ফলশ্ৰুতিতে এইদৰে কোভিড-19ৰ প্ৰতিষেধক তৈয়াৰৰ দিশে আগবাঢ়িছে ৷