নিউজ ডেস্ক, 21 নৱেম্বৰঃ মাত্ৰ 14 বছৰ বয়সতে স্নাতক ডিগ্ৰী লাভ কৰিলে উচমেনিয়া বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই ৷ ছাত্ৰজনৰ নাম হায়দৰাবাদৰ আগষ্টিয়া জৈছোৱাল ৷ জৈছোৱালে উছমেনিয়াৰ বিশ্ববিদ্যালয়ত গণ সংযোগ আৰু সাংবাদিকতা বিভাগত অধ্যয়ন কৰিছিল ৷
ইফালে 14 বছৰ বয়সত স্নাতক ডিগ্ৰী লাভ কৰা জৈছোৱালে 9 বছৰ বয়সতে দশম শ্ৰেণীৰ পৰা প্ৰথম স্থানত উত্তীৰ্ণ হোৱা তেলেংগানাৰ প্ৰথম জন ছাত্ৰ আছিল ৷ তদুপৰি 11 বছৰ বয়সতে 63 শতাংশ লাভ কৰি উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈছিল জৈছোৱাল ৷
ইফালে সাংবাদিকে তেওঁৰ সফলতাৰ সন্দৰ্ভত সোধা প্ৰশ্ন উত্তৰত জৈছোৱাল কয়,মোৰ পিতৃ-মাতৃ মোৰ শিক্ষক ৷ মই মাত্ৰ 1.72 ছেকেণ্ডত A পৰা Z লৈকে টাইপ কৰিব পাৰো ৷ লগতে তেওঁ যে এজন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবুল টেনিজ খেলুৱৈ সেই কথাও সদৰি কৰিলে জৈছোৱালে ৷
লগতে পঢ়কঃ পণ্ডিত দিনদয়াল বিশ্ববিদ্যালয়ৰ অষ্টম সমাবৰ্তনত প্ৰধানমন্ত্ৰী মোডীৰ সম্বোধন