ETV Bharat / bharat

খাৰুৱা তেলৰ দাম হ্ৰাসৰ পৰা ভাৰত লাভৱান কিদৰে হ’ব? - ইণ্ডিয়ান অইল,বি পি চি এল, এইচ চি পি এল

কেইবাগৰাকীও অৰ্থনীতিবিদৰ মত অনুসৰি চীন আৰু বিশ্বৰ অন্যান্য দেশসমূহত খাৰুৱা তেলৰ চহিদা বৃদ্ধি নোপোৱালৈকে খাৰুৱা তেলৰ দাম একেবাৰে নিম্নগামী হৈ থাকিব। এই দেশসমূহত চাহিদা বৃদ্ধিৰ বাবে কমেও ছয়ৰ পৰা বাৰ মাহৰ প্ৰয়োজন হ’ব ।

খাৰুৱা তেলৰ দাম হ্ৰাসৰ পৰা ভাৰত লাভৱান কিদৰে হ’ব?

author img

By

Published : Mar 10, 2020, 11:49 AM IST

হায়দৰাবাদ, 10 মাৰ্চঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উচ্চমানৰ ব্ৰেণ্ট খাৰুৱা তেলৰ দাম প্ৰতি বেৰেলত ৩১.০২ ডলাৰ অৰ্থাৎ ৩০ শতাংশ হ্ৰাস পাইছে । ২০১৬ চনৰ ফেব্ৰুৱাৰীৰ পৰা এয়া সৰ্বনিম্ন। খাৰুৱা তেলৰ আন এক উল্লেখযোগ্য গুৰুত্বপূৰ্ণ প্ৰকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েটৰ (ডব্লিউ টি আই) দাম প্ৰতি বেৰেলত ৩০ ডলাৰ অৰ্থাৎ ২৭ শতাংশ হ্ৰাস পায় । এই তেলৰো দাম ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে সৰ্বনিম্ন । গালফ যুদ্ধত ১৯৯১ চনৰ জানুৱাৰী মাহৰ সময়ছোৱাৰ পাছত ডব্লিউ টি আয়ে গতি লাভ কৰিছিল ।

কি কাৰণত এনেদৰে হঠাতে খাৰুৱা তেলৰ দাম হ্ৰাস পাইছে?

প্ৰাথমিক কাৰণ হৈছে উৎপাদন ব্যয় হ্ৰাসৰ বাবে ছৌদি আৰৱ আৰু ৰাছিয়াই এক চুক্তিত উপনীত হ’ব নোৱৰা। ২০২০ চনৰ দ্বিতীয়ছোৱাত প্ৰতি দিনে ১.৫ মিলিয়ন বেৰেল তেলৰ উৎপাদন হ্ৰাস কৰাৰ বাবে অ’ পি ই চিয়ে বৃহস্পতিবাৰে মান্তি হৈছে যাতে কৰ’না ভাইৰাছৰ ফলত হ্ৰাস পোৱা তেলৰ দাম নিয়ন্ত্ৰিণত থাকে। কিন্তু ইয়াৰ কাৰ্যাৱলী ৰাছিয়া আৰু আন সহযোগীসকলৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু অনিচ্ছুক ৰাছিয়াই ২০ বছৰৰ ভিতৰত সৰ্বনিম্ন দাম হ্ৰাস কৰি ছৌদি আৰৱক ক্ষুব্ধ কৰি তোলে । উৎপাদন বৃদ্ধিৰ বাবে ছৌদি আৰৱৰ পৰিকল্পনাৰ উপৰি আমেৰিকা,ব্ৰজিল,কানাডা আৰু নৰৱেৰ পৰা যোগান বৃদ্ধি,চীনত চাহিদা হ্ৰাস আদিয়ে ব্যাপক প্ৰভাৱ পেলাইছে ।

অৰ্থনীতিবিদসকলৰ মত অনুসৰি চীন আৰু বিশ্বৰ অন্যান্য দেশসমূহত খাৰুৱা তেলৰ চহিদা বৃদ্ধি নোপোৱালৈকে খাৰুৱা তেলৰ দাম একেবাৰে নিম্নগামী হৈ থাকিব । এই দেশসমূহত চাহিদা বৃদ্ধিৰ বাবে কমেও ছয়ৰ পৰা বাৰ মাহৰ প্ৰয়োজন হ’ব।

How India will gain from falling crude oil prices?
খাৰুৱা তেলৰ দাম হ্ৰাসৰ পৰা ভাৰত লাভৱান কিদৰে হ’ব?

কিন্তু ভাৰতবৰ্ষ লাভান্বিত হ’ব কেনেদৰে ?

ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ দাম জানুৱাৰীৰ মাজৰ সময়ছোৱাৰে পৰা প্ৰতি লিটাৰত চাৰি টকাকৈ কম হৈছে । ইয়াতকৈ অধিক দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আছে । আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ দাম হ্ৰাসে তেল কোম্পানী যেনে ইণ্ডিয়ান অইল,বি পি চি এল, এইচ চি পি এল আদিক ইতিবাচক প্ৰভাৱ,সংশোধন আৰু উপাৰ্জনত লাভান্বিত কৰাৰ থল আছে । চৰকাৰী প্ৰতিষ্ঠানসমূহে প্ৰতি দিনে ঘৰুৱা পেট্ৰ’ল আৰু ডিজেলৰ দাম গণনা কৰাৰ বাবে ইন্ধনৰ আন্তঃৰাষ্ট্ৰীয় দৰৰ ১৫ দিনীয় গড় হিচাপ কৰিব লাগিব। গতিকে ঘৰুৱা ইন্ধনৰ দামৰ ওপৰত পৰিবলগীয়া প্ৰভাৱ সম্পৰ্কে অনুধাৱন কৰিবলৈ আৰু এটা সপ্তাহৰ প্ৰয়োজন হ’ব। যিহেতু ভাৰতৰ খাৰুৱা তেলৰ চাহিদাৰ ৮৫ শতাংশই আমদানিৰ পৰা পূৰণ হয়,নিম্ন গোলকীয় দামে আমদানিৰ অপ্ৰত্যাশিত খৰচ হ্ৰাস কৰাটোকে বুজায় ।

এক অনুমান মতে খাৰুৱা তেলৰ ডলাৰৰ মূল্যত এক ইউনিট হ্ৰাস পালে ভাৰতৰ আমদানিৰ বিল তিনি হাজাৰ কোটি টকা হ্ৰাস পাব। প্ৰতি বেৰেলত ৪৫ ডলাৰৰ খাৰুৱা তেলে আমাৰ দেশক ২ বিলিয়ন বা ১৪ হাজাৰ কোটি টকা ৰাহি কৰিবলৈ সহায় কৰিব। তেলৰ কম দামে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত কৰাৰ লগতে তেলৰ ৰাজসাহায্য হ্ৰাস,ঘাটি দূৰ কৰা আৰু ৰাজহুৱা ব্যয়ৰ বাবে চৰকাৰক অধিক সম্পদ দিয়াত সহায় কৰে । এক হিচাপমতে খাৰুৱা তেলৰ দামৰ ১০ শতাংশ হ্ৰাসে কনজিউমাৰ প্ৰাইচ ইনডেক্স কেন্দ্ৰিক মুদ্ৰাস্ফীতি ২০ বেচিক পইণ্টলৈকে হ্ৰাস কৰাৰ লগতে জি ডি পিৰ ক্ষেত্ৰত ৩০ বি পি এচ বৃদ্ধি কৰাত অৰিহণা যোগায় ।

(ড০ হিৰণ্ময় ৰয়ে ইউ পি ই এছৰ স্কুল অৱ ইক’নমিকছত শক্তি অৰ্থনীতিৰ পাঠদান কৰে । বৰ্তমান তেওঁ অৰ্থনীতি আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বিভাগৰ সহযোগী অধ্যাপক তথা বিভাগীয় মুৰব্বী)

(স্পষ্টীকৰণঃ উপৰোক্ত মতামত লেখকৰ সম্পূৰ্ণ ব্যক্তিগত। এয়া ইটিভি ভাৰত বা ইয়াৰ পৰিচালন কৰ্তৃপক্ষৰ নহয়। যিকোনো ধৰণৰ বিনিয়োগ সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে স্বীকৃত বিশেষজ্ঞৰ পৰা উপদেশ গ্ৰহণ কৰিবলৈ ইটিভি ভাৰতে অনুৰোধ জনাইছে)

লগতে চাওকঃ

বাংগালুৰুত কৰ'ণাত আক্ৰান্ত এজন : ভাৰতত 44 লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.