ETV Bharat / bharat

দেশবাসীক ৰমজানৰ শুভেচ্ছা ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ - ৰাম নাথ কোবিন্দ

ইছলাম ধৰ্মালম্বীৰ পৱিত্ৰ মাহ ৰমজান উপলক্ষে দেশৱাসীক ৰমজানৰ শুভেচ্ছা ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ। এই পৱিত্ৰ মাহটিয়ে আনৰ প্ৰতি সহানুভূতিশীল আৰু দয়ালু হ'বলৈ প্ৰেৰণা দিব বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

President hopes Ramzan inspires people to be compassionate, kind towards others

author img

By

Published : Apr 25, 2020, 12:46 PM IST

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ শুকুৰবাৰে ৰমজান উপলক্ষে দেশবাসীক ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰে দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে। শুভেচ্ছা জ্ঞাপনৰ লগতে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়,উপবাসে থকা এই পৱিত্ৰ মাহটোৱে সকলোকে আনৰ প্ৰতি সহানুভূতিশীল আৰু দয়ালু হ'বলৈ প্ৰেৰণা দিব । বিশেষকৈ বৰ্তমান সময়ত যি সকলক অতিকৈ প্ৰয়োজন ।

  • Ramzan Mubarak to all.
    May this pious month inspire us to be compassionate and kind towards others, especially those in need. On this occasion, let us resolve to defeat COVID-19 through our collective determination and discipline.

    — President of India (@rashtrapatibhvn) April 24, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ৰমজান হৈছে ইছলাম ধৰ্মালম্বী লোকৰ দ্বাৰা এমাহে উপবাস পালন কৰা এটা পৱিত্ৰ মাহ। দেশজুৰি শনিবাৰৰ পৰা আৰম্ভ হৈছে এই পৱিত্ৰ ৰমজান মাহ।

টুইটাৰ যোগে এই শুভ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰি দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সংকটৰ সময়ত দেশৰ প্ৰয়োজনীয় লোকৰ প্ৰতি দয়ালু,সহানুভূতিশীল হ'বলৈ এই পৱিত্ৰ দিনটোৱে সকলোকে উৎসাহিত কৰিব বুলি উল্লেখ কৰে । লগতে এই পৱিত্ৰ অনুষ্ঠানৰ জৰিয়তেই সামূহিক সংকল্প আৰু অনুশাসনৰ দ্বাৰা এই মহামাৰী বিৰুদ্ধে জয় লাভ কৰাৰ সংকল্পবদ্ধ হ'বলৈ সকলোকে আহ্বান জনায় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.