ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো - historical events on todays date

চাওঁ আহক বিশ্ব ইতিহাসত 9 জুলাইত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

ETV BHARAT
author img

By

Published : Jul 9, 2019, 5:06 PM IST

বিশ্ব-

  • ২০০২ চনৰ আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰে আফ্ৰিকান ইউনিয়নে । এই আফ্ৰিকান ইউনিয়নত আছে আফ্ৰিকা মহাদেশৰ প্ৰায় ৫৫ খন সদস্য ৰাষ্ট্ৰ ।
  • ২০০৬ চনৰ আজিৰ দিনটোতে জাৰ্মানীত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চেম্পিয়ন খিতাপ লাভ কৰে ইটালীয়ে । ইয়াৰোপৰিও প্ৰথম ৰানাৰ্চ আপৰ স্থানত আছিল ফ্ৰান্স আৰু দ্বিতীয় ৰানাৰ্চ আপ আছিল জাৰ্মানী দল ।
  • ২০১১ চনৰ ৭ জুলাই তাৰিখে চুডানৰ পৰা বিভক্ত হৈ স্বাধীনতা লাভ কৰিছিল দক্ষিণ চুডানে ।

ভাৰত-

  • হিন্দী বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা গুৰু দত্তৰ আজিৰ জন্মবাৰ্ষিকী । ১৯২৫ চনৰ ৯ জুলাই তাৰিখে দক্ষিণ কানাড়াত জন্ম হৈছিল অভিনেতা গৰাকী । তেওঁৰ প্ৰকৃত নাম বসন্থ কুমাৰ শিৱশংকৰ পাডুকণ । বিখ্যাত সংবাদমাধ্যম চিএনএন ৰ ২০১০ চনত প্ৰকাশিত এচিয়াৰ ২৫ গৰাকী শীৰ্ষ অভিনেতাৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল গুৰু দত্তৰ নাম ।
  • ১৯৫১ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষত পোনপ্ৰথম বাৰৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা কৰা হয় ।
  • ১৯৬৯ চনৰ আজিৰ দিনটোতেই ঢেকীয়াপতীয়া বাঘক দেশৰ ৰাষ্ট্ৰীয় জন্তু হিচাপে গ্ৰহণ কৰা হৈছিল ।
  • ২০০২ চনৰ আজিৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সংস্কৃত পণ্ডিত, প্ৰাক্তন সাংসদ মহামহোপাধ্যায় বিশ্বনাৰায়ণ শাস্ত্ৰীৰ দেহাৱসান ঘটে ।
  • ২০০৬ চনৰ আজিৰ দিনটোতে সম্পূৰ্ণ ৪৪ বছৰৰ পাছত ঐতিহাসিক নাথুলা গিৰিপথ মুকলি কৰা হয় । ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত এই এইগিৰিপথ মুকলি হোৱাৰ লগে লগে চীন-ভাৰতৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হয় ।
  • ষাঠী দশকৰ পৰা আশী দশকৰ সময়চোৱাৰ জনপ্ৰিয় হিন্দী বোলছবিৰ আভিনেতা সঞ্জীৱ কুমাৰৰ জন্ম হৈছিল ১৯৩৮ চনৰ আজিৰ এই দিনটোতে । দুটা ৰাষ্ট্ৰীয় বঁটাৰ লগতে দষ্টক (১৯৭১) আৰু কোসিশ (১৯৭৩)ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মানো লাভ কৰিছিল অভিনেতা গৰাকীয়ে ।

অসম-

  • ১৯৩১ চনৰ আজিৰ দিনটোতে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ জন্ম হয় । পাঠশালাৰ জনপ্ৰিয় নটৰাজ থিয়েটাৰৰ প্ৰতিষ্ঠাপক আছিল অচ্যুত লহকৰ ৷ ১৯৬৩ চনত নাট্যকাৰ অচ্যুত লহকৰেই পাঠশালাত জনপ্ৰিয় নটৰাজ থিয়েটাৰ স্থাপন কৰিছিল আৰু বিগত ৪০ বছৰে অসমৰ বিভিন্ন স্থানত নাট্য পদৰ্শন কৰি আহিছে থিয়েটাৰ গোষ্ঠীটোৱে ।
  • ১৯৯৪ চনৰ আজিৰ দিনটোতে বিশিষ্ট কবি ৰাম গগৈৰ মৃত্যু হয় । সাধাৰণ জনসাধাৰণৰ মনক জাগ্ৰত সামাজিৰ বৈষম্যতা, হতাশাগ্ৰস্ততাৰ লগতে বিভিন্ন সমস্যাৰ বিষয়ে বিশেষকৈ প্ৰতিফলিত হৈছিল ৰাম গগৈৰ কবিতাত ৷ উল্লেখ্য যে, পথাৰৰ কবি ৰূপে চিৰ-পৰিচিত কবি ৰাম গগৈ ৷ ইয়াৰোপৰি, সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক আছিল বিশিষ্ট কবিগৰাকী ৷
  • অসম চুক্তিৰ আধাৰত নিৰ্মিত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ নুমলীগড় তেল শোধনাগাৰ ৰাষ্ট্ৰৰ সেৱাৰ বাবে মুকলি কৰা হয় 9 জুলাইৰ দিনটোতে । ১৯৯৯ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনতে দেশৰ সেৱাৰ বাবে মুকলি কৰা হয় শোধনাগাৰটো ৷

historical events on today's date

ইতিহাসত আজিৰ দিনটো

চাওঁ আহক বিশ্ব ইতিহাসত 9 জুলাইত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

বিশ্ব-
২০০২ চনৰ আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰে আফ্ৰিকান ইউনিয়নে । এই আফ্ৰিকান ইউনিয়নত আছে আফ্ৰিকা মহাদেশৰ প্ৰায় ৫৫ খন সদস্য ৰাষ্ট্ৰ ।

২০০৬ চনৰ আজিৰ দিনটোতে জাৰ্মানীত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চেম্পিয়ন খিতাপ লাভ কৰে ইটালীয়ে । ইয়াৰোপৰিও প্ৰথম ৰানাৰ্চ আপৰ স্থানত আছিল ফ্ৰান্স আৰু দ্বিতীয় ৰানাৰ্চ আপ আছিল জাৰ্মানী দল ।

২০১১ চনৰ ৭ জুলাই তাৰিখে চুডানৰ  পৰা বিভক্ত হৈ স্বাধীনতা লাভ কৰিছিল দক্ষিণ চুডানে ।

ভাৰত-
১৯৫১ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষত পোনপ্ৰথম বাৰৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা কৰা হয় ।

১৯৬৯ চনৰ আজিৰ দিনটোতেই ঢেকীয়াপতীয়া বাঘক দেশৰ ৰাষ্ট্ৰীয় জন্তু হিচাপে গ্ৰহণ কৰা হৈছিল ।

২০০২ চনৰ আজিৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সংস্কৃত পণ্ডিত, প্ৰাক্তন সাংসদ মহামহোপাধ্যায় বিশ্বনাৰায়ণ শাস্ত্ৰীৰ দেহাৱসান ঘটে ।

২০০৬ চনৰ আজিৰ দিনটোতে সম্পূৰ্ণ ৪৪ বছৰৰ পাছত ঐতিহাসিক নাথুলা গিৰিপথ মুকলি কৰা হয় । ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত এই এইগিৰিপথ মুকলি হোৱাৰ লগে লগে চীন-ভাৰতৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হয় ।

ষাঠী দশকৰ পৰা আশী দশকৰ সময়চোৱাৰ জনপ্ৰিয় হিন্দী বোলছবিৰ আভিনেতা সঞ্জীৱ কুমাৰৰ জন্ম হৈছিল ১৯৩৮ চনৰ আজিৰ এই দিনটোতে । দুটা ৰাষ্ট্ৰীয় বঁটাৰ লগতে দষ্টক (১৯৭১) আৰু কোসিশ (১৯৭৩)ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মানো লাভ কৰিছিল অভিনেতা গৰাকীয়ে ।

অসম-
১৯৩১ চনৰ আজিৰ দিনটোতে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ জন্ম হয় । পাঠশালাৰ জনপ্ৰিয় নটৰাজ থিয়েটাৰৰ প্ৰতিষ্ঠাপক আছিল অচ্যুত লহকৰ ৷ ১৯৬৩ চনত নাট্যকাৰ অচ্যুত লহকৰেই পাঠশালাত জনপ্ৰিয় নটৰাজ থিয়েটাৰ স্থাপন কৰিছিল  আৰু বিগত ৪০ বছৰে অসমৰ বিভিন্ন স্থানত নাট্য পদৰ্শন কৰি আহিছে থিয়েটাৰ গোষ্ঠীটোৱে ।

১৯৯৪ চনৰ আজিৰ দিনটোতে বিশিষ্ট কবি ৰাম গগৈৰ মৃত্যু হয় । সাধাৰণ জনসাধাৰণৰ মনক জাগ্ৰত সামাজিৰ বৈষম্যতা, হতাশাগ্ৰস্ততাৰ লগতে বিভিন্ন সমস্যাৰ বিষয়ে বিশেষকৈ প্ৰতিফলিত হৈছিল ৰাম গগৈৰ কবিতাত ৷ উল্লেখ্য যে, পথাৰৰ কবি ৰূপে চিৰ-পৰিচিত কবি ৰাম গগৈ ৷ ইয়াৰোপৰি, সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক আছিল বিশিষ্ট কবিগৰাকী ৷

অসম চুক্তিৰ আধাৰত নিৰ্মিত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ নুমলীগড় তেল শোধনাগাৰ ৰাষ্ট্ৰৰ সেৱাৰ বাবে মুকলি কৰা হয় 9 জুলাইৰ দিনটোতে । ১৯৯৯ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনতে দেশৰ সেৱাৰ বাবে মুকলি কৰা হয় শোধনাগাৰটো ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.