ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো - historical events on todays date

চাও আহক বিশ্ব ইতিহাসত 8 জুলাইত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

ETV BHARAT
author img

By

Published : Jul 8, 2019, 3:41 PM IST

বিশ্ব-

  • পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী ৰাছিয়ান বিজ্ঞানী কপিটজাৰৰ জন্ম হৈছিল ১৮৯৪ বৰ্ষৰ আজিৰ দিনটোতে ৷
  • ১৬৯৫ চনৰ আজিৰ দিনটোতে নেদাৰলেণ্ডছৰ গণিতজ্ঞ,পদাৰ্থবিদ তথা উদ্ভাৱক খ্ৰীষ্টিয়ান হাইজেন্সৰ মৃত্যু হয়। হাইজেন্সে ১৬৫৬ চনত প্ৰথমবাৰৰ বাবে পেণ্ডুলাম ঘড়ী সাজি উলিয়াইছিল ।
  • ১৮২২ চনৰ আজিৰ দিনটোতে ইটালীত মৃত্যুবৰণ কৰিছিল বিখ্যাত ৰোমাণ্টিক কবি শ্বেলী (Percy Bysshe Shelley)ৰ। তেওঁ একাধাৰে কবি,উপন্যাসিক আৰু নাট্যকাৰো আছিল।
  • সৌৰশক্তিৰে চালিত প্ৰথমখন বিমান ‘‘ছানছিকাৰ’’এ প্ৰথমটো উৰণ সম্পন্ন কৰিছিল ১৯৯০ চনৰ আজিৰ দিনটোতে ৷ বিমানখন নিৰ্মাণ কৰা হৈছিল কেলিফ’ৰ্ণিয়াত আৰু ইয়াৰ ওজন আছিল ৩ কুইণ্টল ৮০কিঃগ্ৰাঃ৷
  • ২০০৩ চনৰ আজিৰ দিনটোতে ছুডানত সংঘটিত এক ভয়াৱহ বিমান দুৰ্ঘটনাত প্ৰায় ১১৬ জন যাত্ৰী নিহত হয়।
  • বিশ্বৰ প্ৰসিদ্ধ সংবাদ-পত্ৰ ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’ প্ৰকাশিত হয় ১৮৮৯ চনৰ আজিৰ দিনটোতে।

ভাৰত-

  • ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ চণ্ডীদাস গংগোপাধ্যায় চমুকৈ সৌৰভ গাংগুলীৰ জন্ম হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে । ভাৰতৰ সফলতম টেষ্ট ক্ৰিকেট অধিনায়ক গৰাকীৰ জন্ম হৈছিল পশ্চিমবংগৰ কলকাতা চহৰত ৷
  • ২০০৭ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ মৃত্যু হয়। এখেত ভাৰতবৰ্ষৰ নৱম গৰাকী প্ৰধানমন্ত্ৰী আছিল । ১০ নৱেম্বৰ ১৯৯০ তাৰিখৰ পৰা ২১ জুন ১৯৯১ তাৰিখলৈ তেখেতে প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । উত্তৰ প্ৰদেশৰ ইব্ৰাহিমপট্টীৰ এটা ৰাজপুত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
  • বিশ্বৰ সৰ্বববৃহৎ কৃত্ৰিম বান্ধ তথা পঞ্জাবৰ ভাংক্ৰা নাংগল জলবিদ্যুৎ প্ৰকল্প তৎকালীন ভাৱে মুকলি হয় ১৯৫৪ চনৰ আজিৰ দিনটোতে ।

অসম-

  • ১৯২৭ চনৰ ৭ জুলাইত জন্ম হৈছিল বিশিষ্ট অসমীয়া সাহিত্যিক,সাংবাদিক তথা শিক্ষাবিদ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ। শিৱসাগৰৰ আমগুৰি মৌজাৰ জালুকগাঁৱত জন্মগ্ৰহণ কৰা সাহিত্যিক গৰাকী মহাৰথী হিচাপে চিৰ পৰিচিত। ১৯৯৯ আৰু ২০০০ চনত ক্ৰমে হোজাই আৰু যোৰহাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতিও আছিল তেওঁ ।
  • ১৯২৮ চনৰ আজিৰ দিনত সত্ৰীয়া নৃত্যশিল্পী ৰসেশ্বৰ শইকীয়া বৰবায়নৰ জন্ম হয়। ছবছৰ বছৰ বয়সৰ পৰা মাজুলীৰ কমলাবাৰী সত্ৰত থাকি সত্ৰীয়া নৃত্য-সংস্কৃতিৰ সাধনা কৰিছিল তেওঁ। সত্ৰীয়া সংস্কৃতিৰ জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৮০ চনত তেওঁ সংগীত নাটক অকাডেমী বঁটাও লাভ কৰে ।
  • বিশিষ্ট অভিনেতা,শিল্পী তথা আবৃত্তিকাৰ ঈশান বৰুৱাৰ মৃত্যু হয় ২০০৬ বৰ্ষৰ আজিৰ দিনটোতে। অনিৰ্বান,সন্ধ্যাৰাগ তেওঁ অভিনীত জনপ্ৰিয় ছবি। সত্তৰৰ দশকত আত্ম প্ৰকাশ কৰি আবৃত্তিৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা স্বনামধন্য ব্যক্তিসকলৰ ভিতৰতে আছিল ঈশান বৰুৱা।
  • ২০১২ চনৰ আজিৰ দিনটোতে অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অসমলৈ ২২৮৩.১৪ কোটি টকা বান সাহাৰ্য প্ৰদান কৰে।

পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী ৰাছিয়ান বিজ্ঞানী কপিটজাৰৰ জন্ম হৈছিল ১৮৯৪ বৰ্ষৰ আজিৰ দিনটোতে ৷

১৬৯৫ চনৰ আজিৰ দিনটোতে নেদাৰলেণ্ডছৰ গণিতজ্ঞ, পদাৰ্থবিদ খ্ৰীষ্টিয়ান হাইজেন্সৰ মৃত্যু হয় । হাইজেন্সে ১৬৫৭ চনত প্ৰথম পেণ্ডুলাম ঘড়ী সাজি উলিয়ায়।
ৰোমাণ্টিক কবি শ্বেলীৰ মৃত্যু হয় ১৮২২ চনৰ আজিৰ দিনটোতে ।

সৌৰশক্তিৰে চালিত প্ৰথমখন বিমান ‘‘ছানছিকাৰ’’এ প্ৰথমটো উৰণ সম্পন্ন কৰিছিল ১৯৯০ চনৰ আজিৰ দিনটোতে ৷ বিমানখন নিৰ্মাণ কৰা হৈছিল কেলিফ’ৰ্ণিয়াত আৰু ইয়াৰ ওজন আছিল ৩ কুইণ্টল ৮০কিঃগ্ৰাঃ ৷

২০০৩ চনৰ আজিৰ দিনটোতে ছুডানত সংঘটিত এক ভয়াবহ বিমান দুৰ্ঘটনাত প্ৰায় ১১৬ জন যাত্ৰী নিহত হয় ।

বিশ্বৰ প্ৰসিদ্ধ সংবাদ-পত্ৰ ‘ৱাল ষ্ট্ৰীল জাৰ্নেল’ প্ৰকাশিত হয় ১৮৮৯ চনৰ আজিৰ দিনটোতে ।

২০১১ চনৰ আজিৰ দিনটোতে পাকিস্তানী তালিবানীক নিষিদ্ধ ঘোষণা কৰিলে কানাডাই ।

২০১২ চনৰ আজিৰ দিনটোতে ইণ্ডিয়ান মুজাহিদীনক ইংলেণ্ডে নিষিদ্ধ ঘোষণা কৰে ।

ভাৰত-

ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ চণ্ডীদাস গঙ্গোপাধ্যায় চমুকৈ সৌৰভ গাঙ্গুলিৰ জন্ম হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে ।  ভাৰতৰ সফলতম টেষ্ট ক্ৰিকেট অধিনায়ক গৰাকীৰ জন্ম হৈছিল পশ্চিমবংগৰ কলকাতা চহৰত ৷

২০০৭ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ মৃত্যু হয় । এখেত ভাৰতবৰ্ষৰ নৱম গৰাকী প্ৰধানমন্ত্ৰী আছিল । ১০ নৱেম্বৰ ১৯৯০ তাৰিখৰ পৰা ২১ জুন ১৯৯১ তাৰিখলৈ তেখেতে প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিবাহ কৰিছিল । উত্তৰ প্ৰদেশৰ ইব্ৰাহিমপট্টীৰ এটা ৰাজপুত পৰিয়াসত জন্মগ্ৰহণ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

বিশ্বৰ সৰ্বববৃহৎ কৃত্ৰিম বান্ধ তথা পঞ্জাবৰ ভাংক্ৰা নাংগল জলবিদ্যুৎ প্ৰকল্প তৎকালীন ভাৱে মুকলি হয় ১৯৫৪ চনৰ আজিৰ দিনটোতে ।

অসম-

১৯২৭ চনৰ ৭ জুলাইত জন্ম হৈছিল বিশিষ্ট অসমীয়া সাহিত্যিক, সাংবাদিক তথা  শিক্ষাবিদ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ । শিৱসাগৰৰ আমগুৰি মৌজাৰ জালুকগাঁৱত জন্মগ্ৰহণ কৰা সাহিত্যিক গৰাকী মহাৰথী হিচাপে চিৰ পৰিচিত । ১৯৯৯ আৰু ২০০০ চনত ক্ৰমে হোজাই আৰু যোৰহাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতিও আছিল তেওঁ ।

১৯২৮ চনৰ আজিৰ দিনত সত্ৰীয়া নৃত্যশিল্পী ৰসেশ্বৰ শইকীয়া বৰবায়নৰ জন্ম হয় । ছবছৰ বছৰ বয়সৰ পৰা মাজুলীৰ কমলাবাৰী সত্ৰত থাকি সত্ৰীয়া নৃত্য-সংস্কৃতিৰ সাধনা কৰিছিল তেওঁ ।  সত্ৰীয়া সংস্কৃতি জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৮০ চনত তেওঁ সংগীত নাটক অকাডেমী বঁটাও লাভ কৰে ।

বিশিষ্ট অভিনেতা, শিল্পী তথা আবৃত্তিকাৰ ঈশান বৰুৱাৰ মৃত্যু হয় ২০০৬ বৰ্ষৰ আজিৰ দিনটোতে । অনিৰ্বান, সন্ধ্যাৰাগ তেওঁ অভিনীত জনপ্ৰিয় ছবি । সত্তৰৰ দশকত আত্ম প্ৰকাশ কৰি আবৃত্তিৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা স্বনামধন্য ব্যক্তি সকলৰ ভিতৰতে আছিল ঈশান বৰুৱা ।

২০১২ চনৰ আজিৰ দিনটোতে অসমৰ ভয়াবহ বানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অসমলৈ ২২৮৩.১৪ কোটি টকা বান সাহাৰ্য প্ৰদান কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.