ETV Bharat / bharat

গুজৰাটত COVID-19 আক্ৰান্তৰ সংখ্যা 5428 লৈ বৃদ্ধি, এদিনতে মৃত্যু 28 জনৰ - Gujarat

দেওবাৰৰ দিনটোত গুজৰাটত মৃত্যু হয় 28 জন লোকৰ । এই বৃদ্ধিৰে মৃত্যুৰ মুঠ সংখ্যা 290 লৈ বৃদ্ধি হৈছে ৰাজ্যখনত ।

গুজৰাটত COVID-19 আক্ৰান্তৰ সংখ্যা  5428 লৈ বৃদ্ধি, এদিনতে মৃত্যু 28 জনৰ

author img

By

Published : May 4, 2020, 9:51 AM IST

নিউজ ডেস্ক, 4 মে' : গুজৰাটত দেওবাৰে নতুনকৈ 374 জন লোকৰ দেহত ধৰা পৰে COVID-19 , ইয়াৰ লগতে গুজৰাটত এদিনতে মৃত্যু হয় সৰ্বাধিক 28 জন লোকৰ । বৰ্তমানলৈ ৰাজ্যখনত মুঠ CODID-19 আক্ৰান্তৰ সংখ্যা 5,428 আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 290 ।

ইফালে ৰাজ্যখনত আৰোগ্য লাভ কৰা লোকৰ সংখ্যাই অতিক্ৰম কৰিছে 1000 ৰ সীমা । বৰ্তমান আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে 1042 ।

গুজৰাটত দেওবাৰে পোৱা নতুন কেছ সমূহৰ 274 টা কেছ আহমেদাবাদত পোৱা গৈছে । বদোদৰা আৰু সুৰাটত পোৱা গৈছে 25 টাকৈ কেছ । আনহাতে 21 টা কেছ পোৱা গৈছে মেহছানাত ।

আনহাতে মৃত্যু হোৱা 28 জন লোকৰ ভিতৰত 23 জনৰেই মৃত্যু হৈছে আহমেদাবাদত । বাকী ৰোৱা 5 জনৰ দুজনৰ ছুৰাটত আৰু এজনকৈ লোকৰ মৃত্যু হৈছে বদদোৰা, আনন্দ আৰু গান্ধী নগৰত ।

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰী 28 জন লোকৰ ভিতৰত 24 জন লোকেই আছিল পূৰ্বৰ পৰা মধুমেহ, যকৃত, কিডনী ইত্যাদি ৰোগত আক্ৰান্ত হৈ আছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.