ETV Bharat / bharat

মন্ত্ৰীমণ্ডলীৰ সৈতে বিশেষ বৈঠক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

নতুন দিল্লীৰ চৰকাৰী বাসভৱনত মন্ত্ৰীমণ্ডলীৰ সৈতে বিশেষ আলোচনাত মিলিত হয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ আলোচনাত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ ৷

author img

By

Published : Aug 17, 2019, 2:08 PM IST

মন্ত্ৰীমণ্ডলীৰ সৈতে বিশেষ বৈঠক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

নিউজ ডেস্ক, 17 আগষ্টঃ নতুন দিল্লীৰ চৰকাৰী বাসভৱনত মন্ত্ৰীমণ্ডলীৰ সৈতে বিশেষ আলোচনাত মিলিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ মন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত উপস্থিত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনকে ধৰি কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ ৷ বিশেষ সূত্ৰৰ মতে, জম্মু-কাশ্মীৰ সমস্যাৰ লগতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ শেহতীয়া স্থিতি সন্দৰ্ভত মন্ত্ৰীকেইগৰাকীয়ে এইদৰে আলোচনাত মিলিত হৈছে ৷

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ আৰু জম্মু-কাশ্মীৰক বিধানমণ্ডল আৰু বিধানমণ্ডল অবিহনে জম্মু-কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰি কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়ে ভাৰত চৰকাৰে ৷ ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাৰ দ্বাৰা আগষ্টৰ 5 তাৰিখে সংশোধন কৰা হৈছিল অনুচ্ছেদ 367, যাৰ পিচতেই কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰিছিল অনুচ্ছেদ 370 ৷ কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাৰ পিচতে পাকিস্তানে ভাৰতক ধমক দিয়াৰ লগতে ৰাষ্ট্ৰসংঘৰ দ্বাৰস্থ হয় ৷ ৰাষ্ট্ৰসংঘত দুবাৰকৈ আবেদন জনাইও ব্যৰ্থ হোৱাৰ পিচত চীনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাৰ বাবে আবেদন দাখিল কৰে ৷ চীনৰ আবেদনৰ পিচতেই জম্মু-কাশ্মীৰক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অনুষ্ঠিত হয় এখন অনানুষ্ঠানিক বৈঠক ৷ কিন্তু বৈঠকত ভাৰতৰ আভ্যন্তৰীণ বিষয়ত ৰাষ্ট্ৰসংঘই কোনোধৰণ হস্তক্ষেপ নকৰাৰ বিষয়ে স্পষ্টভাৱে জনাই দিয়ে ৷

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকৰ পিচতেই ৰাজস্থানৰ পোখৰান পাৰমানৱিক পৰীক্ষণস্থলীত গৈ উপস্থিত হয় ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ মৃত্যুতিথিত অংশগ্ৰহণ কৰি পাকিস্তানক একপ্ৰকাৰ ধমকি প্ৰদান কৰে ৷ পাৰমানৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতে সদায় "No First Use" নীতি ব্যৱহাৰ কৰি আহিছে যদিও এয়া পৰিস্থিতিৰ ওপৰতহে নিৰ্ভৰ বুলি কয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

Intro:Body:

মন্ত্ৰীমণ্ডলীৰ সৈতে বিশেষ বৈঠক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ 

নতুন দিল্লীৰ চৰকাৰী বাসভৱনত মন্ত্ৰীমণ্ডলীৰ সৈতে বিশেষ আলোচনাত মিলিত হয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ আলোচনাত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ ৷ 

নিউজ ডেস্ক, 17 আগষ্টঃ নতুন দিল্লীৰ চৰকাৰী বাসভৱনত মন্ত্ৰীমণ্ডলীৰ সৈতে বিশেষ আলোচনাত মিলিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ মন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত উপস্থিত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনকে ধৰি কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ ৷ বিশেষ সুত্ৰৰ মতে, জম্মু-কাশ্মীৰ সমস্যাৰ লগতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ শেহতীয়া স্থিতি সন্দৰ্ভত মন্ত্ৰীকেইগৰাকীয়ে এইদৰে আলোচনাত মিলিত হৈছে ৷ 

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ আৰু জম্মু-কাশ্মীৰক বিধানমণ্ডল আৰু বিধানমণ্ডল অবিহনে জম্মু-কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰি কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়ে ভাৰত চৰকাৰে ৷ ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাৰ দ্বাৰা আগষ্টৰ 5 তাৰিখে সংশোধন কৰা হৈছিল অনুচ্ছেদ 367, যাৰ পিচতেই কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰিছিল অনুচ্ছেদ 370 ৷ কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাৰ পিচতে পাকিস্তানে ভাৰতক ধমক দিয়াৰ লগতে ৰাষ্ট্ৰসংঘৰ দাৰস্থ হয় ৷ ৰাষ্ট্ৰসংঘত দুবাৰকৈ আবেদন জনাইয়ো ব্যৰ্থ হোৱাৰ পিচত চীনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাৰ বাবে আবেদন দাখিল কৰে ৷ চীনৰ আবেদনৰ পিচতেই জম্মু-কাশ্মীৰক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অনুষ্ঠিত হয় এখন অনানুষ্ঠানিক বৈঠক ৷ কিন্তু বৈঠকত ভাৰতৰ আভ্যন্তৰীন বিষয়ত ৰাষ্ট্ৰসংঘই কোনোধৰণ হস্তক্ষেপ নকৰাৰ বিষয়ে স্পষ্টভাৱে জনাই দিয়ে ৷ 

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকৰ পিচতেই ৰাজস্থানৰ পোখৰান পাৰমানৱিক পৰীক্ষণস্থলীত গৈ উপস্থিত হয় ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ মৃত্যুতিথিত অংশগ্ৰহণ কৰি পাকিস্তানক একপ্ৰকাৰ ধমকি প্ৰদান কৰে ৷ পাৰমানৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতে সদায় "No First Use" নীতি ব্যৱহাৰ কৰি আহিছে যদিও এয়া পৰিস্থিতিৰ ওপৰতহে নিৰ্ভৰ বুলি কয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.