নিউজ ডেস্ক, ১০ মে' : ভাৰতীয় ৰেলে লাহে লাহে যাত্ৰীবাহী ৰেলৰ সেৱা আৰম্ভ কৰিবলৈ আগবাঢ়িছে । অহা ১২ মে'ৰ পৰা প্ৰথম অৱস্থাত ১২খন ৰেলৰ দ্বাৰা এই যাত্ৰা আৰম্ভ কৰিব ভাৰতীয় ৰেলে । ইয়াৰ ভিতৰত ৩০টা ওভোটনি যাত্ৰা থাকিব । এই ৰেলগাড়ীকেইখনে বিশেষ সেৱা আগবঢ়াব নতুন দিল্লীৰ পৰা ডিব্ৰুগড়, আগৰতলা, হাওৰা, পাটনা, বিলাসপুৰ, ৰাঁচী, ভুৱনেশ্বৰ, চুকেন্দ্ৰাবাদ, বেংগালুৰু, চেন্নাই, থিৰুৱন্তপুৰম, মাদগাও, মুম্বাই চেন্ট্ৰেল, আহমেদাবাদ আৰু জম্মু টাৱীৰ মাজত চলাচল কৰিব । আনহাতে এইসমূহ ৰেলৰ যাত্ৰাৰ বাবে পঞ্জীয়ন ১১ মে'ৰ আবেলি ৪ বজাৰ পৰা আৰম্ভ হ'ব আৰু ইয়াক কেৱল মাত্ৰ IRCTC ৱেবচাইটৰ পৰাহে পঞ্জীয়ন কৰিব পাৰিব । ৰেল ষ্টেচনত কোনো ধৰণৰ টিকট পঞ্জীয়নৰ কাম নহ'ব আৰু প্লেটফৰ্ম টিকটো প্ৰদান কৰা নহ'ব । বৈধ টিকটপ্ৰাপ্ত যাত্ৰীকহে ৰেলৱে ষ্টেচনত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব আৰু যাত্ৰীসকলৰ বাবে সামাজিক দুৰত্ব তথা মাস্ক বাধ্যতামুলক কৰি দিয়া হৈছে ।
যাত্ৰীবাহী ৰেলৰ সেৱা আৰম্ভ কৰিবলৈ সাজু ভাৰতীয় ৰেল - যাত্ৰীবাহী ৰেলৰ সেৱা
ভাৰতীয় ৰেলে শীঘ্ৰেই আৰম্ভ কৰিব যাত্ৰীবাহী ৰেলৰ সেৱা । অহা ১২ মে'ৰ পৰা যাত্ৰীবাহী ৰেলৰ সেৱা আৰম্ভ কৰিব ভাৰতীয় ৰেলে ।