নেশ্যনেল ডেস্ক, 18 মে': সোমবাৰে কংগ্ৰেছে কয় যে, চৰকাৰে ঘোষণা কৰা বিত্তীয় উদ্দীপক পেকেজ নিৰাশাজনকভাৱে অপৰ্যাপ্ত কিয়নো এয়া দেশৰ ঘৰুৱা উৎপাদনৰ কেৱল 0.91 শতাংশহে ৷ ঘৰুৱা উৎপাদনৰ প্ৰায় 10 শতাংশ হোৱাকৈ এক পেকেজ চৰকাৰে ঘোষণা কৰা উচিত বুলি কংগ্ৰেছে মন্তব্য কৰে ৷
জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু প্ৰাক্তন বিত্ত মন্ত্ৰী পি. চিদাম্বৰমে কয় যে, উদ্দীপক পেকেজে দুখীয়া লোক, প্ৰব্ৰজিত লোক, কৃষক, শ্ৰমিক, সৰু ব্যৱসায়ী আৰু মধ্যবিত্তৰ লোকসকলক গুৰুত্ব প্ৰদান নকৰিলে ৷
ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে চিদাম্বৰমে কয়, "আমি অসন্তুষ্টি প্ৰকাশ কৰিছো আৰু পেকেজ সম্পৰ্কত পুনৰ চিন্তা-চৰ্চা আগবঢ়াবলৈ আহ্বান জনাইছো ৷ অতি কমেও 10 লাখ কোটিৰ পেকেজ ঘোষণা কৰা উচিত ৷"
সংস্কাৰ সাধনৰ নামত চৰকাৰে সুবিধা গ্ৰহণ কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে চিদাম্বৰমে ৷ সংসদক একাষৰীয়া কৰি পেকেজ সম্পৰ্কত আলোচনা কৰা হৈছে আৰু এই কাৰ্যৰ পূৰ্ণ বিৰোধিতা কৰা হ'ব বুলি প্ৰকাশ কৰে চিদাম্বৰমে ৷