ETV Bharat / bharat

আত্মনিৰ্ভৰ ভাৰতৰ পেকেজৰ লগত কৌশলগত ক্ষেত্ৰকলৈও ঘোষণা বিত্তমন্ত্ৰীৰ - একত্ৰিকৰণ

দেশৰ কৌশলগত ক্ষেত্ৰ সমূহৰ সূচী শীঘ্ৰে ঘোষণা কৰিব কেন্দ্ৰীয় চৰকাৰে । পিএচইউ খণ্ডৰ উদ্যোগ সমূহৰো হ'ব ব্যক্তিগতকৰণ । এই কথা সদৰি কৰিলে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

Govt to come out with strategic sectors list soon: FM
বিত্তমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰতৰ পেকেজৰ লগতে কৌশলগত ক্ষেত্ৰক লৈওঁ কৰিলে ঘোষণা
author img

By

Published : Aug 2, 2020, 1:43 AM IST

নিউজ ডেস্ক,2 আগষ্ট: কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই এখন নতুন পাব্লিক চেক্টৰ এণ্টাৰপ্ৰাইজ পলিচি লৈ আহিব য'ত কৌশলগত ক্ষেত্ৰসমূহক নিৰ্ধাৰণ কৰা হ'ব । অৱশ্যে এই ক্ষেত্ৰসমূহত নাথাকিব চাৰিটাতকৈ অধিক পিএচইউ উদ্যোগ। দেশৰ বৃত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে উল্লেখ কৰিলে এই কথা ।

বিত্তমন্ত্ৰীগৰাকীয়ে যোৱা মে' মাহত আত্ম নিৰ্ভৰ ভাৰতৰ পেকেজৰ ঘোষণা কৰাৰ সময়তে উল্লেখ কৰিছিল যে, কৌশলত ক্ষেত্ৰসমূহত নাথাকিব চাৰিটাতকৈ অধিক পিএচইউ উদ্যোগ । একে লগতে অন্যান্য খণ্ড সমূহত থকা উদ্যোগিক প্ৰতিস্থান সমূহক ব্যক্তিগতকৰণ কৰা হ'ব ।

কৌশলত ক্ষেত্ৰসমূহৰ বিষয়ত সোধা এক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে ক'লে, এই লৈ আমি বৰ্তমান কাম কৰি আছো আৰু শীঘ্ৰেই ইয়াক কেবিনেটলৈ পঠিওৱা হ'ব ।

বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে, কৌশলত ক্ষেত্ৰসমূহত খুব বেছি চাৰিটা পিএচইউ উদ্যোগিক প্ৰতিষ্ঠান ৰখাৰ লক্ষ্যত উপনীত হ'বৰ বাবে বহুকেইটা মডেল গঠন কৰা হ'ব পাৰে । হয়তো উদ্যোগিক প্ৰতিষ্ঠানবোৰক একত্ৰিকৰণ কৰা হ'ব নতুবা একেলগে আনি তাৰ সংখ্যাটো চাৰি বা তাতোকৈ কম কৰা হ'ব ।

এই নীতিৰেই কৌশলত ক্ষেত্ৰসমূহৰ বাবে এক সূচী নিৰ্ধাৰণ কৰা হ'ব । এই সূচীত প্ৰতিটো খণ্ডত নূন্যতম এক আৰু অতি বেছি চাৰিটা পিএচইউ উদ্যোগক ৰখা হ'ব । অন্য খণ্ড সমূহত কেন্দ্ৰীয় চৰকাৰৰ সম্ভাব্য অনুসৰি ব্যক্তিগতকৰণ কৰা হ'ব ।

লগতে চাওক-বিষাক্ত সুৰা পান কৰি পাঞ্জাৱত 80 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.