ETV Bharat / bharat

নৱগঠিত জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মানচিত্ৰ প্ৰকাশ

author img

By

Published : Nov 2, 2019, 10:00 PM IST

শনিবাৰে নৱগঠিত জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজনৈতিক মানচিত্ৰ মুকলি কৰে কেন্দ্ৰীয় চৰকাৰে ৷ এতিয়াৰে পৰা ভাৰতৰ ৰাজনৈতিক মানচিত্ৰত দেখা পোৱা যাব পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ নতুন মানচিত্ৰ ৷

নৱগঠিত জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মানচিত্ৰ প্ৰকাশ

নিউজ ডেস্ক,2 নৱেম্বৰঃ শনিবাৰে ভাৰত চৰকাৰে নৱগঠিত জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজনৈতিক মানচিত্ৰ প্ৰকাশ কৰে ৷ এতিয়াৰে পৰা ভাৰতৰ ৰাজনৈতিক মানচিত্ৰত প্ৰদৰ্শিত হ'ব নতুনকৈ গঠিত হোৱা কেন্দ্ৰীয় শাসিত অঞ্চল দুটাই ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক প্ৰকাশিত বিবৃতি অনুসৰি লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলটো দুখনকৈ জিলা ক্ৰমে লেহ আৰু কাৰ্গিলেৰে গঠিত হোৱাৰ বিপৰীতে অবিভক্ত জম্মু-কাশ্মীৰ ৰাজ্যৰ অঞ্চলসমূহক সামৰি জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হৈছে ৷

  • The new maps of the Union Territory of Jammu and Kashmir & Union Territory of Ladakh. The two Union Territories formally came into existence on 31st October, 2019. pic.twitter.com/mFe4mWbrQB

    — ANI (@ANI) November 2, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, 1947 চনৰ পূৰ্বে অবিভক্ত তথা সংযুক্ত জম্মু-কাশ্মীৰ ৰাজ্য 14 খন জিলাৰ দ্বাৰা গঠিত হৈছিল ৷ সেই কেইখন হৈছে-কথুৱা, জম্মু, উধামপুৰ, ৰিয়াচী, অনন্তনাগ, বাৰামূলা, পুঞ্চ, মীৰপুৰ, মুজাফৰাবাদ, লেহ আৰু লাডাখ, গিলগিট, গিলগিট ৱাজাৰাত, চিলহাচ আৰু জনজাতীয় প্ৰদেশ ৷

অৱশ্যে 2019 চন পৰ্যন্ত পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ শাসনত থকা চৰকাৰসমূহে এই 14 খনকৈ জিলাৰ পুনৰগঠনৰ যোগেদি ৰাজ্যখনৰ সৰ্বমুঠ জিলাৰ সংখ্যা 14 খনৰ পৰা 28 খনলৈ সম্প্ৰসাৰণ ঘটাইছিল ৷

জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ অন্তৰ্ভুক্ত হোৱা জিলাসমূহ হৈছে ক্ৰমে- কুপৱাৰা, বান্দিপুৰ, গান্দেৰবাল,শ্ৰীনগৰ, বুদগাম, পুলৱামা, ছ'পিয়ান, কুলগাম, ৰাজৌৰি, ৰামবান, ডডা, কিস্তিবাৰ, চাম্বা আৰু কাৰ্গিল ৷

ইয়াৰ ভিতৰত কাৰ্গিল জিলাখনক লেহ আৰু লাডাখ জিলাৰ পৰা ফালি আনি জম্মু-কাশ্মীৰৰ সৈতে সংলগ্ন কৰা হৈছে ৷

জম্মু-কাশ্মীৰ পুনৰগঠনৰ লগতে ৰাষ্ট্ৰপতিয়ে গৃহীত কৰা দ্বিতীয় নিৰ্দেশনা অনুসৰি 1947 চনৰ পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ গিলগিট, গিলগিট ৱাজাৰাত, চিলহাচ আৰু জনজাতীয় প্ৰদেশক লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগত অন্তৰ্ভুক্ত কৰাৰ লগতে কাৰ্গিল জিলাক পৃথক কৰা হৈছে ৷

"Survey General of India" ই উক্ত দুয়োটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মানচিত্ৰ চলিত বৰ্ষৰে 31 অক্টোবৰত প্ৰস্তুত কৰি উলিওৱাৰ লগতে বৰ্তমান দেশবাসীৰ বাবে ৰাজহুৱা কৰিছে ৷

বিগত আগষ্ট মাহৰ 5 তাৰিখে ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষে ভাৰতৰ সংবিধানৰ পৰা 370 নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ লগতে দুই সদনত জম্মু-কাশ্মীৰ পুনৰগঠন বিধেয়ক গৃহীত কৰা হৈছিল ৷

ৰাজ্যখনৰ পুনৰগঠনৰ যোগেদি ভাৰত চৰকাৰে পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যক কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে ঘোষণা কৰাৰ বিপৰীতে লাডাখ অঞ্চলকো এখন কেন্দ্ৰীয় শাসিত অঞ্চল হিচাবে ঘোষণা কৰিছিল ৷

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সম্পাদিত জম্মু-কাশ্মীৰ পুনৰ গঠন যোৱা 31 অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.