নেশ্বনেল ডেস্ক, 1 জানুৱাৰীঃ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে মঙলবাৰে সেৱা কৰ আৰু কেন্দ্ৰীয় উৎপাদিত শুল্কৰ চলি থকা দীৰ্ঘকালীন বিবাদ সমাধান কৰাৰ বাবে ‘চবকা বিশ্বাস’ যোজনাক 15 জানুৱাৰীলৈ বৃদ্ধি কৰিছে ৷ কৰদাতাসকলৰ এই যোজনাৰ প্ৰতিক্ৰিয়াৰ বিষয়ে চিন্তা কৰি কেন্দ্ৰীয় চৰকাৰে ইয়াক 15 দিন বৃদ্ধি কৰি অৰ্থাৎ 2020 চনৰ 15 জানুৱাৰীলৈ বঢ়াই দিছে ৷ কৰদাতাসকলৰ বিষয়ে চিন্তা কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে বুলি এজন চৰকাৰী বিষয়াই উল্লেখ কৰে ৷ আনহাতে যিসকল কৰদাতাই এই যোজনাৰ লাভ উঠাইছে তেওঁলোকে 30,637 কোটি টকা কৰ পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ ৷
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সেৱা কৰ আৰু কেন্দ্ৰীয় শুল্কৰ দীৰ্ঘকালীন বিবাদৰ নিষ্পত্তিৰ বাবে 2019-20 বৰ্ষৰ বাজেটত ‘চবকা বিশ্বাস’ যোজনাৰ উন্মোচন কৰিছিল ৷ মন্ত্ৰালয়ৰ সিদ্ধান্ত মৰ্মে সেৱা কৰ আৰু কেন্দ্ৰীয় উৎপাদিত শুল্কৰ অধীনত বিভিন্ন আঞ্চলিক বিচাৰ, আপীল তথা ন্যায়িক ফ'ৰামে 3.6 লাখ কোটি টকা 1,83 লাখ গোচৰত খৰচ হৈছে ৷ সৰ্বমুঠ 1.84 লাখ কৰদাতা যিয়ে এই যোজনাৰ লাভ উঠোৱাৰ বাবে যোগ্য আৰু ইয়াৰ 1,33,661 কৰদাতাই এতিয়ালৈ 2019 চনৰ 31 ডিচেম্বৰৰ পুৱালৈ আবেদন জমা দিছে ৷ এই আবেদনৰ 69,550 কোটি টকা বকেয়া আৰু বিভিন্ন পৰিত্ৰাণ পোৱাৰ পিচত পৰিশোধ ৰাশি 30.627 কোটি টকা ৷
আনহাতে মন্ত্ৰালয়ে কয় যে ‘চবকা বিশ্বাস’ চৰকাৰৰ দ্বাৰা ঘোষিত এই যোজনাই দীৰ্ঘকালীন বিবাদৰ নিষ্পত্তি কৰাৰ বাবে গুৰপত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ চৰকাৰে এই যোজনাৰ বাবে কৰদাতাসকলৰ মাজত এক ডাঙৰ ৰুচিৰ বিষয়ে উল্লেখ কৰিছে ৷ আৰু ইয়াৰ দ্বাৰা উল্লেখ কৰে যে যিসকলে এতিয়ালৈ ইয়াৰ ক্ষেত্ৰত আবেদন কৰা নাই সেইসকলক আবেদন জমা দিয়াৰ অন্তিম তাৰিখৰ আগত জমা দিবলৈ অনুৰোধ জনাইছে ৷
আৰু পঢ়কঃ ডিচেম্বৰ মাহত ভাৰত চৰকাৰৰ 1,03,184 কোটি টকা জি.এছ.টিৰ ৰাজহ সংগ্ৰহ