ETV Bharat / bharat

ভাৰত চৰকাৰৰ ঘোষণা "Innovation challenge for video conferencing solution" - ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়

ডিজিটেল ইণ্ডিয়া প্ৰ'গেমৰ অধীনত ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে ঘোষণা কৰিছে ভিডিঅ' কনফাৰেঞ্চিং সমাধানৰ বিকাশ উদ্ভাৱন চেলেঞ্জ ।

Government announces innovation challenge for video conferencing solution

author img

By

Published : Apr 17, 2020, 11:49 AM IST

নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ ডিজিটেল ইণ্ডিয়া প্ৰ'গেমৰ অধীনত ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে ঘোষণা কৰিছে এক উদ্ভাৱনী চেলেঞ্জৰ । যাৰ নাম দিয়া হৈছে ভিডিঅ' কনফাৰেঞ্চিং সমাধানৰ বিকাশ উদ্ভাৱন চেলেঞ্জ (Innovation Challenge for Development of a Video Conferencing Solution)

ভাৰতত প্ৰায় ৫০ কোটি লোক ইন্টাৰনেট সেৱাৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত । কিন্তু হঠাৎ COVID-১৯ ৰ মহামাৰী ফলত ইণ্টাৰনেটৰ নিৰ্ভৰশীলতা অধিক বৃদ্ধি পাবলৈ ধৰিছে । বহুটো কোম্পানীয়ে আৰম্ভ কৰিছে Work From Home (WFH) ব্যৱস্থা । বৰ্তমান ভিডিঅ' কনফাৰেঞ্চিং,ৱৰ্ক ফৰ্ম হ'ম সকলো কোম্পানীৰ দৈনিক জীৱন প্ৰণালী হৈ পৰিছে ।

ফলত দক্ষতাপূৰ্ণ বজাৰত বৰ্তি থকাকৈ,ঘৰুৱা মূল্য সংযোজনৰ ক্ষেত্ৰত সক্ষমতা দেখুৱাব পৰাকৈ ভিডিঅ' কনফাৰেঞ্চিং সমাধান কৰোটা হৈ পৰিছে এক প্ৰত্যাহ্বান। যাৰ বাবে এইটো চেলেঞ্জ ঘোষণা কৰা হৈছে ।

এই প্ৰত্যাহ্বানক তিনিটা পৰ্যায়ত বিভক্ত কৰা হৈছে । প্ৰথম পৰ্যায়ত দল সমূহক সমস্যাটো সমাধানৰ ক্ষেত্ৰত নিজৰ উদ্ভাৱনী চিন্তা সমূহ ব্যক্ত কৰিব লাগিব । ১০ টা দল নিৰ্বাচন কৰা হ'ব । প্ৰত্যকটো দলক ৫ লাখ টকাকৈ প্ৰদান কৰা হ'ব প্ৰটোটাইপ নিৰ্মাণ কৰিবলৈ ।

দ্বিতীয় পৰ্য়ায়ত প্ৰথম অৱস্থাৰ পৰা দলৰ নিৰ্বাচন কৰা হ'ব । লগতে এটা প্ৰটোটাইপ তৈয়াৰ কৰি উলিয়াব লাগিব । ইয়াৰ পাচত নিৰ্বাচকমণ্ডলীয়ে অন্তিম পৰ্যায়ৰ বাবে ৩ টা দলক নিৰ্বাচিত কৰিব । য'ত বিজয়ীক ইলেক্ট্ৰনিকছ আৰু তথ্য় প্ৰযুক্তি মন্ত্ৰীৰ দ্বাৰা প্ৰমাণ পত্ৰৰ লগতে ১ কোটি টকা প্ৰদান কৰা হ'ব এবছৰৰ বাবে ভাৰত আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ।

ইয়াৰ পাচত প্ৰতিবছৰে ১০ লাখ টকাকৈ ৩ বছৰৰ বাবে অতিৰিক্ত সহায় হিচাপে চূড়ান্ত চুক্তি স্বাক্ষৰিত হোৱাৰ চৰ্ত সাপেক্ষে নিয়োগৰ পাচত অপাৰেশ্যন আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰদান কৰা হ'ব ।

উল্লেখ্য যে, ইয়াত যোগদান কৰিবলৈ অংশগ্ৰহণকাৰী সকল শৈক্ষিক অথবা ঔদ্যোগিক খণ্ডৰ হ'ব লাগিব। কিন্তু প্ৰতিযোগী দল সমূহ কোম্পানী অধিনিয়মৰ অধীনত ভাৰতীয় পঞ্জীকৃত কোম্পানী হ'ব লাগিব । ডিআইপিপিৰ শেহতীয়া বিজ্ঞপ্তি অনুসৰি ষ্টাৰ্ট আপৰ সকলো নীতি-নিয়ম মানি চলিব লাগিব ।

বৰ্তমানলৈকে অংশগ্ৰহণকাৰী দলৰ পঞ্জীয়ণ হোৱা নাই । অংশগ্ৰহণ কৰাৰ অন্তিম তাৰিখ হৈছে ৩০ এপ্ৰিল । অধিক তথ্য়ৰ বাবে এই চাইটত যাবলৈ অনুৰোধ কৰা হৈছে -https://startups.meitystartuphub.in/#!/public/application/inc/5e92ec1269e3401cd7bc6db7

লগতে পঢ়ক- ইতিহাসত প্ৰথমবাৰৰ বাবে যাত্ৰীবিহীন ভাৱে বৰ্ষপূৰ্তি পালন ভাৰতীয় ৰে'লৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.