ETV Bharat / bharat

উত্তৰ প্ৰদেশত লাইনচ্যুত মালবাহী ট্ৰেইন - ফিৰোজবাদ

উত্তৰ প্ৰদেশৰ ছিকোহাবাদ ৰে'ল ষ্টেছনত শনিবাৰে লাইনচ্যুত হয় এখন তিনিটা ডবাযুক্ত মালবাহী ৰে'ল । যাৰ বাবে বহু ঘণ্টাজুৰি ব্যাহত হৈ পৰে কানপুৰ আৰু দিল্লীলৈ চলিব লগা মুঠ ১২ খন ট্ৰেইনৰ চলাচল ।

উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশত লাইনচ্যুত মালগাড়ী ৰে'ল
author img

By

Published : Jun 14, 2020, 12:10 PM IST

নিউজ ডেস্ক, ১৪ জুনঃ উত্তৰ প্ৰদেশৰ ফিৰোজবাদত ব্যাহত ৰে'ল চলাচল । ফিৰোজবাদ জিলাৰ আউটাৰ ছিকোহাবাদ ৰে'ল ষ্টেছনত এখন তিনিটা ডবাযুক্ত মালবাহী ৰে'ল লাইনচ্যুত হোৱা ফলতেই বহু ঘন্টা ধৰি অব্যাহত হৈ থাকে ৰে'ল সেৱা । লাইনচ্যুত হোৱা মালগাড়ীখন ফিৰোজবাদৰ পৰা ছিকোহাবাদলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা ।

উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশত লাইনচ্যুত মালগাড়ী ৰে'ল

ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও দিল্লী-হাওড়া ৰে'ল পথত শনিবাৰে কানপুৰ আৰু দিল্লীলৈ চলিব লগা মুঠ ১২ খন ৰে'ল সেৱা ব্যাহত কৰিব লগা হয় ।

আনহাতে, ৰে'ল লাইনৰ পৰা ডবা সমূহ উঠাই পুনৰ ৰে'ল সেৱা আৰম্ভ কৰা হৈছে বুলি মন্তব্য কৰে উত্তৰ প্ৰদেশৰ মধ্য ৰে'লৱেৰ জন সম্পৰ্কৰক্ষী বিষয়া অজিত কুমাৰ সিঙে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.