ETV Bharat / bharat

বিশ্বত COVID-19ৰ শেহতীয়া খবৰ - শেহতীয়া খবৰ

বিশ্বত হ্ৰাস পোৱা নাই কৰ'ণা ভাইৰাছৰ সংহাৰ । এতিয়ালৈ মৃত্যু হৈছে 2 লাখৰো অধিক লোকৰ । আক্ৰান্তৰ সংখ্যাই অচিৰেই ত্ৰিশ লক্ষাধিকৰ সীমা অতিক্ৰম কৰাৰ সম্ভাৱনা।

বিশ্বত COVID-19ৰ শেহতীয়া খবৰ
বিশ্বত COVID-19ৰ শেহতীয়া খবৰ
author img

By

Published : Apr 27, 2020, 11:46 AM IST

নিউজ ডেস্ক, 27 এপ্ৰিলঃ কৰ'ণা ভাইৰাছ মহামাৰীত আক্ৰান্তৰ সংখ্যা ক্ৰমবৰ্দ্ধমান ভাৱে বৃদ্ধি পাই আছে । বৰ্তমান এই সংখ্যা 29,94,958 হৈছে । ইয়াৰে ভিতৰত মৃত্যু হৈছে 2,06,997 গৰাকীৰ । আনহাতে বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে 8,78,923 গৰাকীয়ে ।

Global COVID-19 tracker
বিশ্বত COVID-19ৰ শেহতীয়া তথ্য

কৰ'ণা ভাইৰাছৰ জন্মস্থান চীনত দেওবাৰৰ দিনটোত 11 জন লোক নতুনকৈ COVID-19 ত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে । দেশখনত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা 82,827 জন । বিগত 11 দিন ধৰি দেশখনত কোনো COVID-19 আক্ৰান্তৰ মৃত্যুৰ বাতৰি অহা নাই ।

মৃত্যুৰ সংখ্যাই 20,000 স্পৰ্শ কৰা দেশৰ চতুৰ্থখন ইউৰোপীয়ান দেশ হিচাপে পৰিগণিত হ'ল বৃটেইন । ইয়াৰ পূৰ্বে ইউৰোপত 20,000ৰ অধিক লোকৰ মৃত্যু হৈছিল ইটালী,স্পেইন আৰু ফ্ৰান্সত। আনহাতে 50 হাজাৰৰো অধিক লোকৰ মৃত্যু হোৱা দেশ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ।

ইফালে সাত সপ্তাহৰ দীঘলীয়া লক ডাউনৰ পাচত দেওবাৰৰ পৰা কিছু পৰিমাণে শিথিল কৰা হৈছে ইটালীত । সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি উদ্যোগ আৰু বাণিজ্য কিছু পৰিমাণে মুকলি কৰাৰ অনুমতি দিছে দেশখনত ।

লগতে পঢ়কঃ প্ৰথম কোন আহিছিল ? মানুহ নে ভাইৰাছ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.