ETV Bharat / bharat

হৰিদ্বাৰ, বাৰাণসীত পৰিস্কাৰ হৈছে গংগাৰ পানী

author img

By

Published : Apr 6, 2020, 10:56 AM IST

কোভিড-19 মহামাৰীৰ বাবে দেশত চলি থকা লক ডাউনে সাধাৰন জীৱন-জাপন তথা বিশ্ব অৰ্থনীতিত বিস্তৰ প্ৰভাৱ পেলাইছে যদিও প্ৰাকৃতিক ক্ষেত্ৰখন বহু পৰিমানে প্ৰদূষণ মুক্ত হৈছে ।

হৰিদ্বাৰ, বাৰনসীত পৰিস্কাৰকৈ বৈছে গংগা
হৰিদ্বাৰ, বাৰনসীত পৰিস্কাৰকৈ বৈছে গংগা

নিউজ ডেস্ক, 6 এপ্ৰিলঃ হৰিদ্বাৰ আৰু বাৰাণসীত লক্ষণীয়ভাবে উন্নত হৈছে গংগাৰ জলৰাশিৰ গুণগত মান । লক-ডাউনৰ বাবে আৱৰ্জনাৰ পৰিমাণ কমি যোৱা বাবেই গুণগত মানৰ ক্ষেত্ৰত পৰিৱৰ্তন দেখা গৈছে বুলি কোৱা হৈছে ।

হৰিদ্বাৰত হৰ কি পাউৰি ঘাটত প্ৰতিদিনে লক্ষাধিক লোকে ভিৰ কৰে । কিন্তু কৰ'ণা ভাইৰাচ সংক্ৰমনৰ পিচত দেশত চলি থকা লক ডাউনৰ বাবে এই ঘাট বন্ধ কৰি দিয়া হৈছিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 21 দিনীয়া লক ডাউন ঘোষণা কাৰৰ বাবে উদ্যোগ সমূহ বন্ধ আছে সমগ্ৰ ৰাষ্ট্ৰতে । লগতে সকলো লোক আৱদ্ধ হৈ আছে ঘৰতে । যাৰ ফলত প্ৰদূষিত নোহোৱাকৈ আছে গংগাৰ পানী । সেয়ে '40 ৰ পৰা 50 শতাংশ' পৰ্যন্ত গুণগত মান বৃদ্ধি পাইছে বাৰাণসীতো । এই কথা জনাই আই আই টি-বি এইডচ ইউ ৰ কেমিকেল ইঞ্জিনিয়াৰিঙৰ অধ্যাপক ডঃ পিকে মিশ্ৰই ।

উল্লেখ্য যে, গংগা নদীৰ দহ ভাগৰ এক অংশ প্ৰদূষণ কেৱল উদ্যোগৰ বাবেই হৈ আহিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.