ETV Bharat / bharat

গাডকাৰী, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব বহুকেইটা আঁচনি

গাডকাৰী আৰু জগন মোহন ৰেড্ডীয়ে মুকলি কৰিব বহুকেইটা আঁচনিৰ আধাৰশিলা তথা শুভাৰম্ভ ৷ 18 ছেপ্তেম্বৰত দিল্লীৰ পৰাই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰিব গাডকাৰীয়ে ৷

author img

By

Published : Sep 5, 2020, 10:50 AM IST

18 ছেপ্তেম্বৰ
গাডকাৰী, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব বহুকেইটা আঁচনি

নেশ্যনেল ডেস্ক, 5 ছেপ্তেম্বৰ : কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰী আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে 18 ছেপ্তেম্বৰত অন্ধ্ৰ প্ৰদেশত কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা আঁচনিৰ শুভাৰম্ভ কৰিব ৷ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰদান কৰা হয় এই তথ্য ৷

কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷ প্ৰায় 7,584 কোটি টকাৰ 16 টাকৈ আঁচনিৰ ভূমি পূজন কৰা হ'ব এই অনুষ্ঠানতে ৷

CMO য়ে জনাই যে, সেই দিনটোতে 877 কিল'মিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰা হ'ব ৷ আনহাতে, 8,038 কোটি মূল্যৰ 10 টাকৈ আঁচনি দেশৰ নামত উছৰ্গা কৰা হ'ব ৷ 533 কিল'মিটাৰ পথ 6 লেন/ 4 লেন / 2 লেনলৈ উন্নীত কৰা হ'ব ৷ সমগ্ৰ আধাৰশিলা আৰু শুভাৰম্ভ কৰিবলগা আঁচনিৰ মূল্য হৈছে 15,622 কোটি টকা ৷

লগতে পঢ়ক : চীনা সৈন্যৰ হাতত বন্দী অৰুণাচলী যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.