ETV Bharat / bharat

কোভিড-১৯ মহামাৰীক লৈ ভৱিষ্যতে হাৰ্বাৰ্ড বিজনেচ স্কুলে অধ্যয়ন কৰিবঃ ৰাহুল গান্ধী - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

সোমবাৰে শাসনাধিষ্ঠিত চৰকাৰখনক কটাক্ষ কৰি টুইটাৰযোগে কোভিড-১৯ মহামাৰী, বিমুদ্ৰাকৰণ আৰু জি এচ টি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত মোডী চৰকাৰৰ ব্যৰ্থতাক লৈ ভৱিষ্যতে হাৰ্বাৰ্ড বিজনেচ স্কুলে অধ্যয়ণ কৰিব বুলি মন্তব্য় কৰে ৰাহুল গান্ধীয়ে।

 Rahul Gandhi
Future Harvard case studies on failure to tackle COVID-19, demonetisation and GST: Rahul Gandhi
author img

By

Published : Jul 6, 2020, 4:19 PM IST

নিউজ ডেস্ক, ৬ জুলাইঃ কোভিড-১৯ মহামাৰী, বিমুদ্ৰাকৰণ আৰু জি এচ টি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাৰ কৈ হাৰ্বাৰ্ড বিজনেচ স্কুলে (Harvard Business School) ভৱিষ্যতে অধ্যয়ন কৰিব বুলি সোমবাৰে মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

সোমবাৰে শাসনাধিষ্ঠিত চৰকাৰখনক কটাক্ষ কৰি টুইটাৰযোগে কোভিড-১৯ মহামাৰী, বিমুদ্ৰাকৰণ আৰু জি এচ টি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত মোডী চৰকাৰৰ ব্যৰ্থতাক লৈ ভৱিষ্যতে হাৰ্বাৰ্ড বিজনেচ স্কুলে অধ্যয়ণ কৰিব বুলি মন্তব্য় প্ৰকাশ কৰে ।

টুইটাৰযোগে এই কথা উল্লেখ কৰাৰ লগতে সাংসদ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত নিৰ্মান কৰা এটা ভিডিঅ' শ্বেয়াৰ কৰে। ভিডিঅ'টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পাছফালে ৰাখি প্ৰতিদিনে দেশত বৃদ্ধি পোৱা কোভিড-১৯ৰ গ্ৰাফ অংকন কৰে। এই গ্ৰাফৰ জড়িয়তে কোভিড-১৯ সংকটৰ বাবে ভাৰতত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াক দাঙি ধৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ২৪,৮৫০ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। উল্লেখ্য যে, দেওবাৰৰ দিনটোত ভাৰতত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ মহামাৰীত।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.