কলকাতা,2 আগষ্ট: কলকাতাত জব্দ হৈছে প্ৰায় 1,400 লিটাৰ চেনিটাইজাৰ ৷ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা জব্দকৃত উক্ত চেনিটাইজাৰৰ সৈতে দুগৰাকী লোকক আটক কৰা হৈছে ৷ কলকাতা আৰক্ষীৰ ইবি আৰু এণ্টি ৰাউডী স্কোৱাড শাখাৰ যুটীয়া অভিযানত এই চেনিটাইজাৰসমূহ উদ্ধাৰ হয় লাল বজাৰ এলেকাৰ ইজ্ৰা ষ্ট্ৰীটৰ পৰা ৷
বিষয় প্ৰসংগত কলকাতা আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এই ঘটনাৰ সৈতে জড়িতৰ সন্দেহত দুগৰাকী লোকক আটক কৰাৰ লগতে স্থানীয় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷ ইবি শাখাই সদৰী কৰা অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলাইছিল এই অভিযান ৷
আৰক্ষীয়ে এই অভিযানকালত 3 আৰু 8 নং ইজ্ৰা ষ্ট্ৰীটৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বিভিন্ন কনণ্টেইনাৰত ভৰাই থোৱা অৱস্থাত এই চেনিটাইজাৰ জব্দ কৰে আৰক্ষীয়ে ৷ উক্ত চেনিটাইজাৰ সমূহৰ কোনো গুণগত মানদণ্ড নথকাৰ লগতে প্ৰস্তুতকাৰী কোম্পানীৰ কোনো টেগ উপলব্ধ নাছিল ৷ যি ব্যৱহাৰকাৰীৰ বাবে মাৰাত্মক হিচাপে পৰিগণিত হৈছিল ৷ সম্প্ৰতি দেশত কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি একাংশ অসাধু ব্যৱসায়ীয়ে চেনিটাইজাৰৰ ভেজালকৰণত নামি পৰিছে ৷
লগতে চাওকঃ ৰাম মন্দিৰ ভূমি পূজনত মোডীৰ বাবে প্ৰস্তুত বিশেষ "গামোচা"