জয়পুৰ, 30 মে': বিশিষ্ট ৰাজনীতিবিদ আৰু ৰাজস্থানৰ বিজেপিৰ প্ৰাক্তন সভাপতিৰ দেহাৱসান । ৯৫ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ভানৱাৰ লাল শৰ্মাৰ । শুকুৰবাৰে জয়পুৰত ইহলীলা সম্বৰণ কৰে ৰাজস্থানৰ বিজেপি দলৰ প্ৰমুখ্য ভানৱাৰ লাল শৰ্মাই ।
বিজেপিৰ জ্যেষ্ঠ সদস্য়জনৰ বিয়োগত মুখ্যমন্ত্ৰী আশোক গেহলট, উপ-মুখ্যমন্ত্ৰী শচীন পাইলট, প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে, বিজেপিৰ ৰাজ্যিক সভাপতি সতীষ, জয়পুৰৰ সাংসদ ৰামচৰণ ব'হৰা আৰু দলৰ অন্যান্য লোক সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
বিজেপি দলৰ এই অপূৰণীয় ক্ষতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শোক প্ৰকাশ কৰি টুইটাৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশিষ্ট ৰাজনীতিবিদগৰাকীক । মোডীয়ে কয়, "ৰাজস্থানত দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আছিল ।"