ETV Bharat / bharat

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰী অসুস্থ - ইউছুফ ৰ'জা গিলানী

শাৰীৰিক অসুস্থতাৰ বাবে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীক হাস্পতালত ভৰ্তি । পাকিস্তানৰ 'দ্য ডন' বাতৰি কাকতত প্ৰকাশিত হৈছে এই বাতৰি । 2019ত ইছলামাবাদ উচ্চ ন্যায়ালয়ে ভ্ৰষ্টাচাৰৰ গোচৰৰ অভিযুক্ত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক চিকিৎসাজনিত কাৰণত জামিন মঞ্জুৰ কৰিছিল ।

author img

By

Published : Oct 12, 2020, 2:03 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১২ অক্টোবৰ : পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু পাকিস্তান পিপলছ পাৰ্টীৰ সহকাৰী অধ্যক্ষ আছিফ আলী জৰ্দাৰীক দেওবাৰে হাস্পতালত ভৰ্তি কৰোৱা হয় । পাকিস্তান পিপলছ পাৰ্টীয়ে প্ৰকাশ কৰিছে যে, চিকিৎসকে বৰ্তমান তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি আছে । 'দ্য ডন'ত প্ৰকাশিত হোৱা এই বাতৰি অনুসৰি, জৰ্দাৰী কাৰাচীৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে । নেশ্যনেল একাউণ্টেবিলিটি ব্যুৰ'ই ৰুজু কৰা দুৰ্নীতিৰ গোচৰৰ অভিযুক্ত আছিল আছিফ আলী জৰ্দাৰী ।

চিকিৎসাজনিত কাৰণত 2019ত ইছলামাবাদ উচ্চ ন্যায়ালয়ে জৰ্দাৰীৰ জামিন মঞ্জুৰ কৰিছিল । জৰ্দাৰীৰ জামিন আবেদনৰ শুনানিৰ সময়ত তেওঁৰ অধিবক্তা ফাৰুক এইচ নায়েকে আদালতত কয় যে, প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী দীৰ্ঘদিন ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছে । চলিত বৰ্ষৰ 30 জুনত ইছলামাবাদৰ একাউণ্টেবিলিটি আদালতে ত'ছাখানা উপহাৰ গোচৰত আছিফ আলী জৰ্দাৰীলৈ জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে । প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ আৰু ইউছুফ ৰ'জা গিলানীও এই গোচৰত অভিযুক্ত ।

আন আন দেশৰ মুৰব্বীলৈ আগবঢ়োৱা চৰকাৰী উপহাৰৰ দুৰ্ব্যৱহাৰৰ কৰাৰ অভিযোগত নেশ্যনেল একাউণ্টেবিলিটি ব্যুৰ'ই আছিফ আলী জৰ্দাৰী, নৱাজ শ্বৰীফ আৰু ইউছুফ ৰ'জা গিলানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । নেশ্যনেল একাউণ্টেবিলিটি ব্যুৰ'ৰ মতে জৰ্দাৰী আৰু নৱাজ শ্বৰীফে ত'ছাখানাৰ বাহনৰ 15 শতাংশ মূল্য পৰিশোধ কৰি নিজৰ কৰি লৈছিল । এই কাৰ্যত জৰ্দাৰী আৰু নৱাজ শ্বৰীফক সুযোগ দিছিল গিলানীয়ে । ভুৱা একাউণ্টৰ জৰিয়তে জৰ্দাৰীয়ে বাহনৰ মূল্য পৰিশোধ কৰিছিল বুলি প্ৰকাশ কৰিছে নেশ্যনেল একাউণ্টেবিলিটি ব্যুৰ'ই । উল্লেখ্য যে, ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত থকা সময়তে জৰ্দাৰীয়ে লিবিয়া আৰু আৰবৰ পৰা উপহাৰ হিচাপে বিদেশী বাহন লাভ কৰিছিল । ক্ষমতাৰ অপব্যৱহাৰ কৰি চৰকাৰী উপহাৰ ব্যক্তিগত কামত ব্যৱহাৰ কৰিছিল ।

লগতে পঢ়ক: আজি নেচিপু সুৰংগৰ আধাৰশিলা স্থাপন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.