নিউজ ডেস্ক, 30 মেঃ প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ মাজত মাথো কেইটামান মুহূৰ্ত বাকী ৷ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'বলগীয়া মোডীৰ শপতগ্ৰহণলৈ সোঁত বইছে BIMSTEC নেতাৰ ৷
অধিক পঢ়কঃনতুন দিল্লীত উপস্থিত শ্ৰীলংকা আৰু ম্যানমাৰৰ ৰাষ্ট্ৰপতি
ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছ বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ, মৰিছাচৰ প্ৰধানমন্ত্ৰী প্ৰভিন্দ কুমাৰ জুগনাউথ আৰু ভূটানৰ প্ৰধানমন্ত্ৰী লটে ছেৰিং ৷ ইয়াৰ উপৰিও শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু ম্যানমাৰৰ ৰাষ্ট্ৰপতিও ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে ৷ আটাইকেইগৰাকী শীৰ্ষ নেতাকে ভাৰত চৰকাৰৰ হৈ আদৰণি জনায় বৈদেশিক সচিব বিজয় গোখলেই ৷ আনহাতে এতিয়াও আহি পাবলৈ বাকী আছে থাইলেণ্ড, কাৰ্গিস্থান আৰু নেপালৰ ৰাষ্ট্ৰপ্ৰধান ৷