বিহাৰ, 28 জুলাই : অসমৰ লগতে বিহাৰতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে ৷ ৰাজ্যখনত বৰ্তমানলৈ বানত 11 খন জিলাৰ 10 লাখ লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে মৃত্যু হৈছে 10 জনকৈ লোকৰ ৷ বিহাৰৰ দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰে এই কথা ৷
দুৰ্যোগ প্ৰশমন বিভাগে উল্লেখ কৰা অনুসৰি বিহাৰত নতুনকৈ দৰভঙ্গা জিলা বানৰ কৱলত পৰা লগতে ক্ষতিগ্ৰস্ত হৈছে 24.42 লাখ লোক ৷ ইয়াৰে 8.87 লাখ লোকক প্ৰশাসনে উদ্ধাৰ কৰি 14 টা ব্লকত স্থাপন কৰা আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰিছে ৷ দৰভাঙ্গা জিলাৰ লগতে চম্পাৰণ আৰু মুজফৰপুৰ জিলাত ভয়াবহ ৰূপ ধাৰণ কৰিছে বানে ৷ চম্পাৰণ জিলাত 7 লাখ আৰু মুজফৰপুৰ জিলাত 3.20 লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে ৷ এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷
লগতে পঢ়ক : কেৱল ভূখণ্ডৰ বাবেই নহয়, পূব লাডাখৰ তেল-গেছৰ বাবেও হ’ব পাৰে ভাৰত-চীনৰ সংঘাত