ETV Bharat / bharat

বৰপেটাৰ ভোগেৰপাৰত হায়দৰাবাদস্থিত বিশ্ববিদ্যালয়ৰ বান সাহাৰ্য

হায়দৰাবাদস্থিত NALSAR বিশ্ববিদ্যালয়ৰ ছাত্ৰই বান সাহাৰ্য আগবঢ়ালে বৰপেটাৰ ভোগেৰপাৰত ৷ বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে অন্যান্য প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰই ৷

NALSAR আইন বিশ্ববিদ্যালয়
বৰপেটাৰ ভোগেৰপাৰত হাইদৰাবাদস্থিত NALSAR বিশ্ববিদ্যালয়ৰ বান সাহাৰ্য
author img

By

Published : Jul 10, 2020, 1:04 PM IST

Updated : Jul 10, 2020, 7:29 PM IST

নেশ্যনেল ডেস্ক, 10 জুলাই : যোৱা কিছু সপ্তাহ ধৰি অসমত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে অসমৰ প্ৰায়ভাগ জিলা ৷ বৰ্তমানলৈকে ৰাজ্যত বানৰ ফলত প্ৰাণ হেৰুৱাইছে 40 গৰাকী লোকে৷ লাখ লাখ লোক বানৰ ফলত প্ৰভাৱান্বিত হোৱাৰ লগতে গৃহহাৰা হ'বলৈ বাধ্য হৈছে ৷ ৰাজ্যৰ বিভিন্ন স্থানৰ আশ্ৰয় শিবিৰত বাস কৰিছে হাজাৰ হাজাৰ লোকে ৷ বানাক্ৰান্ত এই লোকসকল খাদ্যৰ অভাৱত ভোগাৰ লগতে অস্বাস্থ্যকৰ পৰিৱেশত বাস কৰিছে ৷

বানাক্ৰান্ত এই লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বহুসংখ্যক বেচৰকাৰী সংস্থা,মানৱ দৰদী লোক আৰু সংগঠন ৷ বৰপেটা জিলাৰ ভোগেৰপাৰ গাঁৱত ৰেচন কিট বিতৰণ,অন্যান্য সা-সুবিধা আৰু আৰ্থিক সাহাৰ্য আগবঢ়াইছে NALSAR আইন বিশ্ববিদ্যালয়,হায়দৰাবাদৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ আৰু বিভিন্ন সাহাৰ্য প্ৰদানকাৰীয়ে ৷ যোৱা মাহত দেশৰ অন্য স্থানতো NALSAR বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকলে সাহাৰ্য প্ৰদান কৰিছিল ৷

ভোগেৰপাৰত প্ৰদান কৰা ৰেচন কিটত আছে চাউল,দাইল,তেল,নিমখ,হালধি,চেনী,ছয়াবিন,গাখীৰ পাউদাৰ,চাহপাত,বিস্কুট আৰু চিৰা ৷ ইয়াৰোপৰি, প্ৰদান কৰা হৈছিল আঁঠুৱা, মহ মৰা ঔষধ, ছেনিটেৰী নেপকিন আৰু LED টৰ্ছলাইট ৷ প্ৰায় 100 টা পৰিয়ালক এই বান সাহাৰ্য প্ৰদান কৰা হৈছে ৷ স্থানীয় প্ৰতিনিধি নৱ কুমাৰ দাস, আশ্ৰাফুল হুছেইন আৰু নৱ ভৰালীয়ে এই সামগ্ৰীসমূহ পৰিয়ালকেইটাক বিতৰণ কৰে ৷ গুৱাহাটীৰ বাসিন্দা উৰ্মিলা বৰুৱা আৰু ৰক্ষন্দা ডেকাৰ সহযোগত সম্ভৱ হৈ উঠে এই সাহাৰ্য বিতৰণ প্ৰক্ৰিয়া ৷

লগতে পঢ়ক : ড্ৰাগছৰ বিৰুদ্ধে পাথাৰকান্দিত কংগ্ৰেছসহ ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

Last Updated : Jul 10, 2020, 7:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.