অলপতে ছৌদি আৰৱত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ মাজত পাঁচজন ভাৰতীয়ও আছে । ৰিয়াধস্থিত ভাৰতীয় দূতাবাসে পাঁচগৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যুৰ খবৰটো নিশ্চিত কৰিছে । এই পাঁচ ভাৰতীয় নাগৰিকৰ ভিতৰত আছে কেৰালাৰ শ্বেবনাজ পালা কাণ্ডিয়িল আৰু ছাফৱান নাডামাল, মহাৰাষ্ট্ৰৰ ছুলেমান ছৈয়দ জুনেইছ,উত্তৰ প্ৰদেশৰ বদ্ৰে আলম আৰু তেলেংগানাৰ আজমাতুল্লা খান। ছৌদি আৰৱত থকা ২ মিলিয়ন ভাৰতীয়ৰ অধিকাংশই হস্পিটেলিটী আৰু খননকাৰ্যৰ লগত জড়িত ।
ভাৰতীয় ৰাষ্ট্ৰদূত ডঃ ঔছাফ ছায়েদে প্ৰকাশ কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে—“ছৌদি আৰৱত ক’ভিড-১৯ সংক্ৰমণৰ ফলত হোৱা পৰিস্থিতি আমাৰ দূতাবাসে ভালদৰে নিৰীক্ষণ কৰি আছে । দেশখনত ভাৰতীয় লোকসকলৰ কল্যাণৰ বাবে সকলোধৰণৰ ব্যৱস্থা দূতাবাসে গ্ৰহণ কৰিছে ।”
দূতাবাসৰ ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা এক হেল্পপাইনৰ লগতে হোৱাটছএপ্ নম্বৰ (+966 546103992) আৰু ইমেইল (covid19indianembassy@gmail.com ) আছে যাতে ছৌদি আৰৱত থকা ভাৰতীয় সমাজখনৰ যিকোনো সমস্যা সমাধান কৰিব পাৰি । ইয়াৰ উপৰি জৰুৰী অৱস্থাৰ ক্ষেত্ৰত কঠোৰ লকডাউনত আবদ্ধ হৈ থাকি স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হোৱা বা পূৰ্বৰে পৰা স্বাস্থ্যৰ সমস্যা থকা ভাৰতীয় লোকসকলক চিকিৎসা সেৱা প্ৰদান কৰাৰ উদ্দেশ্যে ভাৰতীয় চিকিৎসকসকলৰ এক হোৱাটছএপ গ্ৰুপো খোলা হৈছে । অতিৰিক্তভাৱে ভাৰতীয় মিছনে স্থানীয় প্ৰবাসী সংগঠন,খাদ্য যোগানধাৰী প্ৰতিষ্ঠানবোৰৰ সৈতে লগ লাগি যিবোৰ ঠাইত খাদ্যৰ প্ৰয়োজন সেইবোৰত বিতৰণ কৰাৰ বাবে কাম কৰি আছে । প্ৰয়োজনত ভাৰতীয় সমাজৰ লোকসকলৰ বাবে কোৱাৰেণ্টাইন জন স্থাপনৰো চিন্তা-চৰ্চা কৰিছে ।
৫৩ খন দেশত কৰ’ণা ভাইৰাছত আক্ৰান্ত মুঠ ৩৩০০ প্ৰবাসী ভাৰতীয়ৰ ভিতৰত ২১০০ লোকেই (প্ৰায় ৭০ শতাংশ) আৰৱীয় দেশসমূহত আছে । ইৰানৰ ক্যোম আৰু তেহেৰাণতো তিনিশৰো অধিক ভাৰতীয় লোক এই ৰোগত আক্ৰান্ত হৈছে । ছখন জিচিচি দেশ (বাহৰেইন, কুৱেইট, কাটাৰ, ছৌদি আৰৱ আৰু ইউ এ ই)আশী লাখতকৈ অধিক ভাৰতীয় লোক আছে । ইয়াৰে আধা অংশ কৰ্মীয়েই অদক্ষ বা ব্লু কলাৰ ৱৰ্কাৰ । ৩০ শতাংশ অৰ্ধ দক্ষ বা ছেমি স্কিলড । ইয়াৰে ২০ শতাংশ দক্ষ কৰ্মচাৰী ।
“ভাৰতীয়সকল নিয়োজিত হৈ থকা মুখ্য কোম্পানীসমূহৰ সৈতে দূতাবাসে যোগাযোগ অব্যাহত ৰাখিছে ।সকলো প্ৰতিৰোধমূলক ব্যৱস্থা যেনে—সামাজিক দুৰত্ব, শ্ৰমিকৰ শিবিৰসমূহত স্বাস্থ্যৰ অৱস্থা আদিৰ প্ৰতি নজৰ দিবলৈ তেওঁলোকক আহ্বান জনোৱা হৈছে ।” দূতাবাসৰ পৰা এনেদৰে প্ৰকাশ কৰা হৈছে ।
লগতে উল্লেখ কৰিছে—“দূতাবাসে ভাৰতীয় সমাজখনক ধৈৰ্য ধৰিবলৈ অনুৰোধ জনোৱাৰ লগতে দায়বদ্ধতা আৰু শৃংখলাবদ্ধতা দেখুৱাবলৈ আহ্বান জনাইছে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ছৌদি আৰৱক সম্পূৰ্ণ সমৰ্থন আগবঢ়াবলৈও ভাৰতীয় নাগৰিকসকলক দূতাবাসৰ পৰা আহ্বান জনোৱা হৈছে । এই ৰোগৰ পৰা ৰক্ষা পাবলৈ সকলো প্ৰতিৰোধ ব্যৱস্থা যেনে সামাজিক দুৰত্ব বৰ্তাই ৰখা,ঘৰতে থাকি ভিৰৰ পৰা দূৰত থকা আদি নিয়ম কঠোৰভাৱে পালন কৰা উচিত।”
বিমান সেৱা বন্ধ,কাৰ্যালয় বন্ধ,উমৰাহৰ দৰে ধৰ্মীয় সমাৱেশ বাতিলৰ দৰে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা সত্বেও ছৌদি আৰৱত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। আৰৱীয় দেশসমূহৰ মুঠ ১৭ হাজাৰ আক্ৰান্ত লোকৰ মাজত ৪৫০০ ৰোগীয়েই ছৌদি আৰৱৰ । বিশেষকৈ কৰ্মচাৰী,শ্ৰমিক,আৰু ঘন জনবসতিপূৰ্ণ অঞ্চলবোৰত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে বুলি ছৌদি আৰৱৰ স্বাস্থ্য মন্ত্ৰী ডাঃ তৌফিক আল ৰাবিয়াই বিগত সপ্তাহত স্বীকাৰ কৰিছে ।
১৭ মাৰ্চত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি ৰজা মহম্মদ বিন ছলমানৰ লগত এই সংক্ৰমণৰ বিৰুদ্ধে যুঁজাৰ বিষয়ে আলোচনা কৰিছিল। পাছত তেওঁলোকে ২৬ মাৰ্চত অনুষ্ঠিত জি-২০ৰ অনলাইন সন্মিলনত ভাগ লয় । ছৌদি আৰৱৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনত অতিমাৰী ৰোধৰ ক্ষেত্ৰত এক আন্তৰ্জাতিক সমন্বিত প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰা হয়। ভাৰতৰ ফালৰ পৰা স্পষ্ট কৰা হৈছে যে আৰৱীয় দেশসমূহৰ লগতে বিদেশত আবদ্ধ হৈ থকা ভাৰতীয়সকলৰ বাবে এতিয়া উদ্ধাৰ কাৰ্য হাতত লোৱা নহয় । উচ্চতম ন্যায়ালয়ত এই বিষয়ে দাখিল কৰা এখন আবেদনো শুনানিৰ বাবে এমাহলৈ স্থগিত ৰখা হৈছে ।
যদিও প্ৰব্ৰজনকাৰীসকলে এই দুৰ্যোগৰ লগতে অন্তহীন জীৱন আৰু অৰ্থনৈতিক ক্ষতিৰ মাজত ভৱিষ্যতৰ অনিশ্চয়তাত ভুগিছে ৰিয়াধস্থিত ভাৰতীয় দূতাবাসে স্পষ্টভাৱে এনেদৰে কৈছে— “ভাৰতীয়সকলৰ নিৰাপত্তাৰ স্বাৰ্থত ভাৰতত অব্যাহত থকা লকডাউন আৰু আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত কোনোধৰণৰ জৰুৰী উদ্ধাৰৰ পৰিকল্পনা নাই । দূতাবাসে ভাৰত আৰু ছৌদি আৰৱৰ কৰ্তৃপক্ষৰ সৈতে অবিৰতভাৱে যোগাযোগ অব্যাহত ৰাখিছে আৰু নতুন সিদ্ধান্ত গ্ৰহণ কৰা হ’লে ছ’চিয়েল মিডিয়া একাউণ্ট আৰু ৱেবছাইটযোগে এই বিষয়ে ঘোষণা কৰা হ’ব ।
লেখকঃ স্মিতা শৰ্মা
লগতে চাওকঃ