লক্ষ্নৌ,21 আগষ্টঃ - বুধবাৰে উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ ঠিক আগমু্হূৰ্তত 5 জনকৈ কেবিনেট মন্ত্ৰীৰ পদত্যাগ পত্ৰ গ্ৰাহ্য কৰা হৈছে৷ তেওঁলোক হৈছে - ৰাজেশ আগৰৱাল,স্বতন্ত্ৰ দেৱ সিং,অৰ্চনা পাণ্ডে,অনুপমা জয়ছোৱাল আৰু ধৰমপাল সিং৷
উত্তৰ প্ৰদেশৰ 75 বৰ্ষীয় পদত্যাগী বিত্তমন্ত্ৰী ৰাজেশ আগৰৱালে দলৰ নীতি অনুসাৰে নেতৃত্বৰ ওচৰত পদত্যাগপত্ৰ দাখিল কৰে বুলি জনায়৷
উল্লেখ্য যে,যোৱা সপ্তাহত উত্তৰ প্ৰদেশৰ ৰাজ্যিক বিজেপিৰ সভাপতি স্বতন্ত্ৰ দেৱ সিং আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ,কাৰ্য্যবাহী সভাপতি জেপি নাদ্দাক সাক্ষাৎ কৰাৰ পাছৰে পৰা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি হৈছে৷