নিউজ ডেক্স,6 জানুৱাৰী : কলকাতাৰ দীঘাত উদ্ধাৰ হৈছে 250 কেজি ওজনৰ বিৰল প্ৰজাতিৰ কাৱৈ মাছ ৷ এই বিৰল প্ৰজাতিৰ বিশাল কাৱৈ মাছটো চাবলৈ উবুৰি খাই পৰে শতাধিক লোক ৷ দীঘাৰ স্থানীয় বাসিন্দাৰ মাজত সৃষ্টি হয় কৌতুহলৰ ৷ দেওবাৰে দুপৰীয়া দীঘাস্থিত মৎস নিলাম কেন্দ্ৰত বিক্ৰিৰ বাবে অনা হয় বিশাল মাছটো ৷ শনিবাৰে নিশা ওড়িশাৰ সমীপৱৰ্তী সমুদ্ৰ তীৰত মাছুৱৈৰ জালত বন্দী হয় এই বিৰল প্ৰজাতিৰ কাৱৈ মাছটো ৷ দেওবাৰে স্থানীয় বজাৰত এছ এফ টি নামৰ এটা কোম্পানীয়ে লক্ষাধিক টকাৰ বিনিময়ত এই মাছটো ক্ৰয় কৰে ৷ দীঘা শংকৰপুৰ ফিছ ট্ৰেডাৰ্ছ এছ'চিয়েচনৰ সম্পাদক শ্যাম সুন্দ্ৰৰ দাসে কয় যে,এই বিৰল প্ৰজাতিৰ মাছটোৰ বিদেশত চাহিদা অধিক ৷ অৱশ্যে,বিভিন্ন প্ৰজাতিৰ কাৱৈ মাছ দীঘাৰ সমুদ্ৰত পোৱা যায় যদিও পোন প্ৰথমবাৰৰ বাবে এই বিশাল মাছটো দেখিবলৈ পাইছো ৷ দীঘাৰ সমুদ্ৰত ইয়াৰ পূৰ্বেও বিভিন্ন প্ৰজাতিৰ বিশাল আকৃতিৰ মাছ মাছুৱৈৰ জালত আবদ্ধ হৈছিল ৷
আৰু পঢ়ক : ছত্তিশগড়ত ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ