ETV Bharat / bharat

ইতিহাসত প্ৰথমবাৰৰ বাবে যাত্ৰীবিহীন ভাৱে বৰ্ষপূৰ্তি পালন ভাৰতীয় ৰে'লৰ - ১৬ এপ্ৰিল ১৮৫৩

বৃহস্পতিবাৰে ভাৰতীয় ৰে'লে সম্পূৰ্ণ কৰিলে নিজৰ ১৬৭ টা বছৰ। কেতিয়াও ৰৈ নায়াও বাণীৰেই মুম্বাইৰ পৰা আৰম্ভ হৈছিল প্ৰথমখন যাত্ৰী বাহী ৰে'লৰ । কিন্তু প্ৰথমবাৰৰ বাবে নাগৰিকৰ সুৰক্ষাৰ বাবে বাতিল কৰা হৈছে ভাৰতীয় যাত্ৰীবাহী ৰে'লৰ সেৱা ।

First time in history, Indian Railways completes 167 years with no passenger trains on tracks

author img

By

Published : Apr 17, 2020, 10:30 AM IST

নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ ১৬ এপ্ৰিল ১৮৫৩ চনত পোন প্ৰথমবাৰৰ বাবে ভাৰতত আৰম্ভ হৈছিল যাত্ৰী বাহী ৰে'লৰ চলাচল । ২০২০ বৰ্ষৰ ১৬ এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰে ভাৰতীয় ৰে'লৱেয়ে সম্পূৰ্ণ কৰে নিজৰ ১৬৭ টা বছৰ । কিন্তু এই দীঘলীয়া পৰিক্ৰমাত ইতিহাসত প্ৰথমবাৰৰ বাবে স্তব্ধ হৈ পৰিছে ভাৰতীয় যাত্ৰীবাহি ৰে'ল সেৱা । কৰ'ণা ভাইৰাছৰ বিভীষিকা আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবেই বাতিল কৰা হৈছে ৰে'লৰ চলাচল ।

  • Today, 167 years ago with the zeal of 'never to stop', the wheels of the first passenger train from Mumbai to Thane started rolling

    For the first time, passenger services are stopped for your safety

    Stay indoor & make the nation victorious

    Artistic impression of first train pic.twitter.com/8K8L2y2mfO

    — Ministry of Railways (@RailMinIndia) April 16, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

যোৱা ১৬৭ টা বছৰত সন্ত্ৰাসবাদী আক্ৰমণেই হওক অথবা অন্য কিবা কেতিয়াও স্তব্ধ হোৱা নাছিল ভাৰতীয় ৰে'ল সেৱা । কিন্তু কৰ'ণা ভাইৰাছৰ মহামাৰীৰ বাবেই প্ৰথমবাৰৰ বাবে সেৱাৰ পৰা বঞ্চিত হৈছে ভাৰতীয় ৰে'ল । আনহাতে ২০০৬ চনৰ মুম্বাই বোমা বিস্ফোৰণৰ ১ ঘণ্টাৰ ভিতৰতেই পুনৰ চলাচল কৰা হৈছিল ৰে'লৰ সেৱা ।

এই সন্দৰ্ভত দেশৰ ৰে'লৱে মন্ত্ৰী পীয়ুষ গোৱেলে টুইট কৰি কয়, ১৬৭ চনৰ পূৰ্বে 'Never to Stop' বাণীৰেই মুম্বাইৰ পৰা থানেলৈ প্ৰথমবাৰৰ বাবে চলা হৈছিল যাত্ৰীবাহী ৰে'ল । কিন্তু ইতিহাসত প্ৰথমবাৰৰ বাবে নাগৰিকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে যাত্ৰীবাহি ৰে'ল সেৱা । ঘৰৰ ভিতৰত থাকক, দেশক জয়ী কৰক ।

ভাৰতীয় ৰে'লে সম্পূৰ্ণ কৰিল নিজৰ ১৬৭ টা বছৰ

ভাৰতৰ প্ৰথমখন যাত্ৰীবাহী ৰে'লখন সেই সময়ৰ বোম্বে (বৰি বন্দৰ) পৰা থানেলৈ ১৮৫৩ চনৰ ১৬ এপ্ৰিলত শুভাৰম্ভ কৰা হৈছিল । ১৪ টা ডবাযুক্ত ৰে'লখনক তিনিটা ষ্টিম ল'ক'মটিভ ছাহিব, সিন্ধ আৰু চুলতানৰ দ্বাৰা ৰখোৱা হৈছিল । এই ৰে'লখনত প্ৰায় ৪০০ জন যাত্ৰীয়ে যাত্ৰা কৰিছিল । ৩৪ কিলোমিটাৰ প্ৰতিঘণ্টাৰে ৫৭ মিনিটত নিজৰ গন্তব্য স্থানলৈ গৈ পাইছিল ৰে'লখন । গ্ৰেট ইণ্ডিয়ান পেনিনচুলা (GIP) ৰে'লৱেৰ দ্বাৰা সংঞ্চালন কৰা হৈছিল ৰে'লখনক ।

বৰি বন্দৰ ষ্টেচনক নিৰ্মাণৰ পিচত ১৮৮৭ চনত ভিক্টৰিয়া টাৰ্মিনাছ নামেৰে নামাকৰণ কৰা হয় । কিন্তু ১৯৯৬ চনত পুনৰ ইয়াৰ নাম সলনি কৰি চত্ৰপতি শিৱাজী টাৰ্মিনাছ কৰা হয় । আকৌ ২০১৭ চনত ইয়াৰ কিছু সংশোধন কৰি চত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ বুলি নামাকৰণ কৰা হয় । বৰ্তমান GIP ৰে'লেৱেও কেন্দ্ৰীয় ৰে'লৱেলৈ ৰূপান্তৰিত হৈছে ।

কৰ'ণা ভাইৰাছৰ মহামাৰীৰ বাবেই দেশত লক্ ডাউন ঘোষণাৰ পাচতেই যোৱা ১৪ এপ্ৰিলত ৰে'ল মন্ত্ৰণালয়ে যাত্ৰীবাহী ৰে'ল সেৱা বাতিলৰ ঘোষণা কৰিছিল । যিটো বৰ্তমান ৩ মে' লৈ বৃদ্ধি কৰা হৈছে । বৰ্তমান সময়ত কেৱল অত্যাৱশকীয় সামগ্ৰী নিব পৰা মালবাহী ৰে'ল হে দেশত নিজৰ সেৱা আগবঢ়াই আছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.