ETV Bharat / bharat

দ্বিতীয় দিনাও ‘নিউ ডাইমণ্ড’ৰ জুই নিৰ্বাপনৰ প্ৰচেষ্টা ভাৰতীয় উপকুল ৰক্ষীৰ - ভাৰতীয় উপকুল ৰক্ষী

তেলৰ টেংকাৰ ‘নিউ ডাইমণ্ড’ত সূত্ৰপাত হোৱা অগ্নি নিয়ন্ত্ৰণৰ বাবে দ্বিতীয় দিনাও প্ৰচেষ্টা অব্যাহত ৰাখিছে ভাৰতীয় উপকুল ৰক্ষীয়ে ৷ ইতিমধ্যে তেল টেংকাৰৰ কৰ্মচাৰী থকা অঞ্চলটোত সুৰক্ষিতভাৱে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা বুলি জনাইছে ভাৰতীয় উপকুল ৰক্ষীয়ে ৷

Firefighters battle tanker blaze for 2nd day off Sri Lanka coast
দ্বিতীয় দিনাও ‘নিউ ডাইমণ্ড’ৰ জুই নিৰ্বাপনৰ প্ৰচেষ্টা ভাৰতীয় উপকুল ৰক্ষীৰ
author img

By

Published : Sep 4, 2020, 3:30 PM IST

নেশ্যনেল ডেক্স, 4 চেপ্তেম্বৰঃ ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ দ্বাৰা পৰিচালিত তেলৰ টেংকাৰ ‘নিউ ডাইমণ্ড’ত সূত্ৰপাত হোৱা অগ্নি নিয়ন্ত্ৰণৰ বাবে দ্বিতীয় দিনাও প্ৰচেষ্টা অব্যাহত ৰাখিছে ভাৰতীয় উপকুল ৰক্ষীয়ে ৷ ইতিমধ্যে তেল টেংকাৰৰ কৰ্মচাৰী থকা অঞ্চলটোত সুৰক্ষিতভাৱে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা বুলি জনাইছে ভাৰতীয় উপকুল ৰক্ষীয়ে ৷ জলস্তৰৰ 10 মিটাৰ ওপৰত পোৰ্ট এফট অংশৰ কাষত এটি দুই মিটাৰ দৈৰ্ঘ্যৰ ফাঁট প্ৰত্যক্ষ কৰাৰ কথাও জানিবলৈ দিয়ে উপকুল ৰক্ষীয়ে ৷

ভাৰতীয় উপকুলীয় সুৰক্ষা সংস্থাই অতিৰিক্ত জাহাজ ‘আমেয়া’ আৰু ‘অভিক’ক মোতায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে বিমান প্ৰচেষ্টাৰ বাবে দুখনকৈ ‘ডাৰ্নিয়াৰ’ বিমান ব্যৱহাৰ কৰা হৈছে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে শ্ৰী লংকাৰ তীৰৰ পৰা 37 মাইল আঁতৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল ধাৰণ ক্ষমতাতকৈ অধিক ভৰ্তি হৈ থকা ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ টেংকাৰখনত ৷

www.marinetraffic.comৰ তথ্য অনুসৰি পনামা পতাকাৰ ছত্ৰছায়াত চলাচল কৰা 20 বৰ্ষীয় ভি.এল.চি.চি.‘নিউ ডাইমণ্ডে’ বিগত 23 আগষ্টত মিনা অল আহমদীৰ পৰা ভাৰতৰ প্ৰদীপ বন্দৰলৈ ৰাওনা হৈছিল ৷ টেংকাৰখন 5 চেপ্তেম্বৰত ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ বৃহৎ ৰিফাইনাৰী থকা ওড়িশাৰ প্ৰদীপ বন্দৰত উপস্থিত হোৱাৰ কথা আছিল ৷

ভাৰতীয় উপকুল ৰক্ষীয়ে জনায় অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত শ্ৰী লংকাৰ নৌ সেনায়ো সাহাৰ্য আগবঢ়াইছে ৷ কিন্তু এইপৰ্যন্ত ঘটনা সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত আছে ইণ্ডিয়ান অইল কৰ্পোৰেচন ৷

লগতে পঢ়ক-ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পৰিস্থিতি অতি গুৰুতৰঃ নাৰাভানে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.