ETV Bharat / bharat

দিল্লীৰ আজাদপুৰস্থিত শান্তি টাৱাৰত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Jun 4, 2020, 3:56 PM IST

দক্ষিণ পশ্চিম দিল্লীৰ শান্তি টাৱাৰত অগ্নিকাণ্ড। চৰ্ত শ্বাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাস্থলীত ১০ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ বহু সময়ৰ অন্তত নিৰ্বাপন কৰে জুই।

fire
fire broke out in azadpur shanti tower

নিউজ ডেস্ক, ৪ জুনঃ দক্ষিণ পশ্চিম দিল্লীৰ আজাদপুৰস্থিত শান্তি টাৱাৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। টাৱাৰটোৰ তিব্বতী কাপোৰৰ বিপণী থকা দুটা মহলত সংঘটিত হয় এই ঘটনা। অগ্নিকাণ্ডৰ ফলত প্ৰায় লাখ টকাৰ সামগ্ৰী জ্বলি ভস্মীভূত হয়।

fire broke out in azadpur shanti tower
দিল্লীৰ আজাদপুৰস্থিত শান্তি টাৱাৰত ভয়ংকৰ অগ্নিকাণ্ড

ঘটনাস্থলীত ১০ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ বহু সময়ৰ অন্তত নিৰ্বাপন কৰে জুই। বৰ্তমানলৈকে এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই। বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১ বজাত এই ঘটনা সংঘটিত হয় যদিও অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে জুই নিৰ্বাপনৰ বাবে অগ্নিনিৰ্বাপক বাহিনীক প্ৰায় ২ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল। স্থানীয় লোকে উল্লেখ কৰা অনুসৰি চৰ্ত শ্বাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হয়।

লগতে চাওকঃ বৰপেটাৰ বাঘবৰত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.