ETV Bharat / bharat

৩০ নৱেম্বৰলৈ বৃদ্ধি আয়কৰ জমা দিয়াৰ সময়সীমা

author img

By

Published : Jul 4, 2020, 5:50 PM IST

কৰদাতাসকলৰ বাবে এটা ভাল খবৰ। বিত্তীয় বৰ্ষ ২০১৯-২০ৰ আয়কৰ জমা দিয়াৰ সময়সীমা ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে । তাৰোপৰি আধাৰ নম্বৰৰ লগত পেন নম্বৰ লিংক কৰাৰ অন্তিম সময়সীমাও বৃদ্ধি কৰি ২০২১ চনৰ ৩১ মাৰ্চলৈ বঢ়াই দিয়া হৈছে ।

Filing of ITR for FY 2019-20 extended till Nov 30
৩০ নবেম্বৰলৈ বৃদ্ধি আয়কৰ জমা দিয়াৰ সময়সীমা

নিউজ ডেস্ক,৪জুলাই: দেশৰ আয়কৰ বিভাগে অৱগত কৰিলে যে, বিত্তীয় বৰ্ষ ২০১৯-২০ৰ আয়কৰ জমা দিয়াৰ অন্তিম সময়সীমা ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰা হ'ল । মহামাৰী ক'ৰণাৰ বাবে বৰ্তমান দেশত সৃষ্টি হোৱা পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি বিভাগে কৰ আদায় লোৱাৰ সময়সীমা বৃদ্ধি কৰা হৈছে । সেয়েহে এতিয়া কৰ জমা দিয়াৰ সময়সীমা বৃদ্ধি কৰি চলিত বৰ্ষৰে ৩০ নৱেম্বৰলৈ আগুৱাই দিয়া হ'ল । বিষয়টো উল্লেখ কৰি আয়কৰ বিভাগে সদৰি কৰিলে এই কথা ।

ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে সংশোধিত আয়কৰ জমা(Revised ITR) দিয়াৰ সময়সীমা ৩০জুলাই, ২০২০চনলৈকে বঢ়াই দিছিল ।

তাৰোপৰি আধাৰ নম্বৰৰ লগত পেন নম্বৰ লিংক কৰাৰ অন্তিম সময়সীমাও বৃদ্ধি কৰি ২০২১ চনৰ ৩১ মাৰ্চলৈ বঢ়াই দিয়া হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.